নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী গ্ৰন্থ উৎসৱত স্মৃতিগ্ৰন্থ ‘সৃষ্টি’ উন্মোচন : শিল্পী লক্ষ্মী দাসক ‘গ্ৰন্থ সৌৰভ’ বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ “সাম্প্ৰতিক সময়ত বহুসংখ্যক লোকেই মোবাইল-ইণ্টাৰনেট-গুগল আদিৰ প্ৰতি আকৃষ্ট হৈ গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ কমাই অনা পৰিলক্ষিত হৈছে৷ কিন্তু এইবোৰে কেৱল তথ্যৰহে যোগান ধৰে৷ সেয়েহে ইলেকট্ৰ’নিক মাধ্যমসমূহ সম্পূৰ্ণকৈ গ্ৰন্থৰ পৰিপূৰক কেতিয়াও হ’ব নোৱাৰে৷ এই মন্তব্য বিশিষ্ট সমাজকৰ্মী গিৰিধৰ চৌধুৰীৰ৷ পাঠশালা হৰি মন্দিৰত সৃষ্টি বজালীৰ উদ্যেগত চলি থকা বজালী গ্ৰন্থ উৎসৱৰ স্মৃতিগ্ৰন্থ ‘সৃষ্টি’ উন্মোচন কৰি চৌধুৰীয়ে মানসিক খোৰাকৰ বাবে ইণ্টাৰনেট বুলিয়েই নহয় গ্ৰন্থৰ পৰিপূৰক যে একো হ’ব নোৱাৰে এই বিষয়ে সুন্দৰ ব্যাখ্যা দাঙি ধৰে৷ একেটা অনুষ্ঠানতে ৰাষ্ট্ৰীয় ‘কলাৰত্ন’ বঁটা প্ৰাপক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ বিশিষ্ট শিল্পী লক্ষ্মী দাসক ‘সৃষ্টি’, পাঠশালাৰ পৰা ‘গ্ৰন্থ সৌৰভ’ বঁটা প্ৰদান কৰা হয়৷ ‘গ্ৰন্থ সৌৰভ’ বঁটা গ্ৰহণ কৰি দাসে কয় যে এই বঁটাই তেওঁক লিখি থাকিবলৈ আৰু অধিক প্ৰেৰণা যোগালে, যথেষ্ট উৎসাহিত কৰিলে৷ ইয়াৰ পূৰ্বে দাসক ‘সৃষ্টি, পাঠশালা’ৰ তৰফৰ পৰা এখন চেলেং-চাদৰ, গামোচা, ‘সৃষ্টি’, পাঠশালাৰ প্ৰতীক, গ্ৰন্থ সৌৰভ বঁটাৰ প্ৰতীক, এটি জাপি, আৰ্থিক ধনৰ চেক এখন, গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ কালি সন্ধিয়া চতুৰ্থ দিনৰ গ্ৰন্থ উৎসৱৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি পাঠশালা শিক্ষাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ উৎপল বৰকাকতিয়ে গ্ৰন্থ অধ্যয়নৰ জড়িয়তেহে যে আজি মানুহে আধুনিক প্ৰযুক্তি সৃষ্টি কৰিবলৈ সক্ষম হৈছে, গতিকে গ্ৰন্থ কেতিয়াও উপেক্ষিত হ’ব নোৱাৰে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে৷ বিশিষ্ট শিক্ষাবিদ তথা নলবাৰী এম.এন.চি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুৰাৰি মোহন দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বি. এইচ. মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ৰত্নেশ্বৰ দাসে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি গ্ৰন্থ, গ্ৰন্থমেলা, পাঠক, লেখক, গ্ৰন্থ পৰিৱেশক-বিক্ৰেতা আৰু আধুনিক প্ৰযুক্তিবিদ্যা সম্পৰ্কে এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে৷ বজালী গ্ৰন্থ উৎসৱৰ মুখ্য সম্পাদক ড॰ নীলমজ্যোতি দত্তই আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আৰু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত স্মৃতিগ্ৰন্থ ‘সৃষ্টি’ৰ সম্পাদক নন্দ দুলাল চৌধুৰীয়ে আলোচনী তথা গ্ৰন্থ সম্পৰ্কত নিজৰ অভিজ্ঞতা সম্পৰ্কে ভাষণ আগবঢ়ায়৷ সভাৰ অন্তত শলাগ জ্ঞাপন কৰে ‘সৃষ্টি, পাঠশালা’ৰ সঞ্চালক তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ক্ষেত্ৰীয় সংগঠন সচিৱ গৌতম তালুকদাৰে৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰি ভাষণ প্ৰদান কৰে বজালী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ ভূপেন তালুকদাৰে৷ সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বজালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেমচন্দ্ৰ হালৈয়ে৷ আনহাতে পুৱা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহ-অধ্যাপক ড॰ পৰাগ বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত ‘অনন্ত মোহন শৰ্মা সোঁৱৰণী কুইজ প্ৰতিযোগিতা’ উদ্বোধন কৰে বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাই৷
প্ৰেৰক কল্যাণ কলিতা

You might also like