নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ টোল-প্লাজা আঁতৰোৱাৰ দাবী : বজালীৰ গলিয়াত আপৰ ধৰ্ণাত ৰণাংগন

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে নিৰ্মাণ কৰা টোল প্লাজাসমূহ বন্ধ কৰাৰ দাবীত আজি এক উত্তপ্ত পৰিষ্ঠিতিৰ সৃষ্টি হয় বজালীৰ গলিয়াত৷ আম আদমী পাৰ্টীৰ বজালী জিলা সমিতিয়ে আজি জিলাখনৰ গলিয়াস্থিত টোল প্লাজাখনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো নিয়ম নামানি অবৈধভাৱে চলি থকা বুলি দাবী জনাই টোল প্লাজাখনৰ ওচৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ ধৰ্ণা কাৰ্যসূচীত বজালী আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক আটক কৰিবলৈ উদ্যত হয়৷ সেই সময়তে টোল প্লাজাৰ একাংশ কৰ্মচাৰীয়ে ধৰ্ণা কাৰ্যসূচীত বাধা আৰোপ কৰি একাংশ ধৰ্ণা ৰূপায়ণকাৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে এই ধৰ্ণা কাৰ্যসূচীৰ বাবে বজালী প্ৰশাসনৰ অনুমতি লোৱাৰ পিছতো আৰক্ষীয়ে বলপূৰ্বকভাৱে লাঠীচালনা কৰি প্ৰতিবাদকাৰীসকলক আটক কৰে৷ আনহাতে গলিয়া টোল প্লাজাৰ কৰ্মচাৰীসকলেও আইন হাতত তুলি লৈ শান্তিপূৰ্ণভাৱে ধৰ্ণা দি থকা আপ কৰ্মীসকলৰ ওপৰত জপিয়াই পৰাৰ অভিযোগ উত্থাপন কৰি টোল প্লাজা কৰ্মীসকলক আটক কৰাৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনায়৷ টোল প্লাজাখনৰ মেনেজাৰগৰাকীয়ে ধৰ্ণা কাৰ্যসূচীৰ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্বব্যহাৰ কৰাত তেওঁৰ বিৰুদ্ধে সাংবাদিকসকল জাঙুৰ খাই উঠে আৰু এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱাত ভৱানীপুৰ আৰক্ষীয়ে টোল প্লাজাখনৰ মেনেজৰজনক আটক কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে গলিয়াৰ টোল প্লাজাখনৰ মেনেজাৰ সহিতে একাংশ কৰ্মচাৰীয়ে গুৰু গোসাঁই নামানি বিভিন্ন সময়ত পথচাৰীক দুৰ্বব্যহাৰ কৰি অহাৰ অভিযোগ পূৰ্বৰ পৰাই উত্থাপন হৈ আহিছিল আৰু আজি আৰক্ষীৰ চকুৰ সন্মুখতে এই অভিযোগ সত্য প্ৰতিপন্ন হোৱাত প্লাজাখনৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে ৰাইজ খৰ্গহস্ত হৈ পৰে৷ এই ধৰ্ণা কাৰ্যসূচীৰ পিছতে বজালীৰ উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আপে স্মাৰকপত্ৰখনত দাবী কৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়মানুসাৰে দুখন টোল-প্লাজাৰ মাজৰ নূন্যতম দূৰত্ব ৬০ কিলোমিটাৰ হ’ব লাগে যদিও বিজনীৰ দহলপাৰা টোল-প্লাজা আৰু বজালীৰ গলিয়া টোল-প্লাজাৰ মাজৰ দূৰত্ব ৪৭.৩ কিলোমিটাৰহে৷ এন এইচ এ আইৰ নিয়ম অনুসৰি সকলো টোল-প্লাজাত ভ্ৰমণকাৰীৰ বাবে কিছু জিৰণি লোৱাৰ সুবিধা, প্ৰাথমিক চিকিৎসাৰ সুবিধা, আপাতকালীন চিকিৎসাৰ বাবে অন্ততঃ এখন এম্বুলেন্স আৰু খোৱাপানীৰ উপলব্ধতা থাকিব লাগে। কিন্তু গলিয়াৰ টোল প্লাজাত তেনে কোনো সুবিধা নাই৷ তাতোকৈ ডাঙৰ কথাটো হ’ল যে অসমৰ ৰাইজে ৰাস্তা সম্পূৰ্ণ হ’লে টোল টেক্স দিওঁতে অসুবিধা নাপায় কিন্তু বজালীৰ মাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীযৃ ঘাইপথটো বিভিন্ন স্থানত জৰাজীৰ্ণ হৈ পৰাৰ লগতে নাই কোনো চাৰ্ভিচ ৰোড অথবা ৰোড চাইড প্ৰটেকচন ৱাল৷ এনে এক প্ৰেক্ষাপটতে আম আদমী পাৰ্টিয়ে সন্দেহ কৰিছে যে অসমত প্ৰতিষ্ঠিত টোল প্লাজাবোৰৰ কোনো এটাই টোল-প্লাজা স্থাপনৰ মৌলিক নীতি-নিয়ম মানি চলা নাই৷ যাৰ বাবে অসমৰ সকলো অবৈধ টোল-প্লাজা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই সংবিধানৰ মৰ্যাদা ৰক্ষাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰ যোগে আহ্বান জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like