নিযুক্তিৰ পূর্বে নিষ্পত্তি কৰিব লাগিব শিক্ষক সংস্থাৰ আপত্তি
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কর্মচাৰী সংস্থাই দাখিল কৰা আপত্তি নিষ্পত্তি নকৰাকৈ ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত উপাধ্যক্ষ পদলৈ পদোন্নতি প্রদান নকৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৩৭২/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কে সিঙৰ বিচাৰপীঠে মাধ্যমিক শিক্ষা সঞ্চালকক সংস্থাই দাখিল কৰা আপত্তিসমূহ তিনি মাহৰ ভিতৰত নিষ্পত্তি কৰি মৌখিক নির্দেশনা প্রদান কৰিবলৈ নির্দেশ দিছে৷ এই মৌখিক নির্দেশনা নিদিয়া পর্যন্ত পদোন্নতি প্রক্রিয়া সম্পন্ন নকৰিবলৈও ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ উল্লেখ্য যে প্রাদেশীকৃত বিদ্যালয়সমূহৰ উপাধ্যক্ষ পদসমূহ পূৰণ কৰিবলৈ সংশ্লিষ্ট বিভাগে পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু পদসমূহ পূৰণৰ বাবে ‘গ্রেডেচন’ তালিকা প্রকাশ নকৰা বুলি সংস্থাই অভিযোগ কৰিছিল৷ ইতিমধ্যে বিগত ২১ নৱেম্বৰত সংস্থাই বিভিন্ন আপত্তি আবেদনযোগে সংশ্লিষ্ট কর্তৃপক্ষক অৱগত কৰিছিল৷ সেয়েহে তেওঁলোকৰ আপত্তিসমূহ বিবেচনা কৰিবলৈ ন্যায়ালয়ে নির্দেশনা দিছে৷