নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰন্ধন গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ পৰা বিপদমুক্ত হোৱাৰ প্রয়োজনীয় পদক্ষেপ

আমি সকলোৱে জানো যে বর্তমান যুগটো হৈছে বিজ্ঞানৰে যুগ৷ মানুহৰ দৈনন্দিন জীৱনৰ কর্ম পদ্ধতি আৰু জীৱন যাত্রা বিজ্ঞানকেই কেন্দ্র কৰি পৰিচালিত হৈছে৷ বিজ্ঞানীৰ অপৰিসীম গৱেষণাৰ ফলত যান্ত্রিক জগত ক্ষিপ্র গতিৰে আগুৱাই গৈছে৷ বিজ্ঞানীৰ বিশেষ প্রচেষ্টাত আমাৰ প্রয়োজনীয় যন্ত্রাদি আৱিষ্কাৰ হোৱাৰ বাবে সমগ্র পৃথিৱীৰ মানৱ জাতি খুবেই উপকৃত আৰু বর্তমান সময়ত বিজ্ঞানেই মানুহৰ প্রধান অৱলম্বন যেন পৰিলক্ষিত হৈছে৷ বিজ্ঞানৰ বিভিন্ন যন্ত্রপাতি আৱিষ্কাৰৰ ফলত দৈনন্দিন খোৱাৰ খাদ্যসামগ্রী প্রস্তুতিৰ বেলিকাও বিশেষ ইন্ধন যোগাইছে৷ তেনে এবিধ প্রয়োজনীয় আহিলা হৈছে ‘পেট্র’লিয়াম ৰন্ধন গেছ চিলিণ্ডাৰ’৷ ইয়াৰ দ্বাৰাই গৃহিণীবিলাকে অলপ পৰিশ্রম আৰু কম সময়তে গৃহস্থক আৰু ল’ৰা–ছোৱালীক ৰন্ধা–বঢ়া কৰি খুৱাই অফিচ–কাছাৰী, স্কুল–কলেজত সময়মতে পঠাবলৈ সক্ষম হৈছে৷ বর্তমান সময়ত ভাৰতবর্ষৰ সকলো ঠাইতে পেট্র’লিয়াম (এল পি জি) গেছৰ প্রচলন হৈছে৷ এয়া সর্বজনবিদিত যে আমি প্রথমতে গেছ এজেন্সীৰ গ্রাহক হ’ব লাগে৷ এজেন্সীৰ ভেণ্ডাৰবিলাকে সময়মতে আমাৰ ঘৰত চিলিণ্ডাৰ বিতৰণ কৰি যায়৷ কিন্তু আমি লক্ষ্য কৰিছোঁ যে বেছিভাগ ক্ষেত্রত ভেণ্ডাৰবিলাকে পুৰণি চিলিণ্ডাৰ দি থাকে৷ কিন্তু চিলিণ্ডাৰৰ সময়সীমা(Expiry Date) উকলি গৈছেনে নাই সেই বিষয়ে আমি একো নাজানো৷ গতিকে পুৰণি চিলিণ্ডাৰ ৰখা বিপজ্জনক৷ আমি কেতিয়াবা বাতৰি কাকতত পঢ়িবলৈ পাওঁ যে অসম তথা দেশৰ অন্যান্য ঠাইত চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে ঘৰত জুই লাগি ঘৰৰ আচবাব পত্র নষ্ট হৈ যায় লগতে ঘৰৰ কম–বেছি মানুহ আহত বা জখমো হৈ যায়৷ আনকি অলপতে গুৱাহাটীত দুই ফুলকুমলীয়া শিশুৰ কৰুণ মৃত্যুও হৈছে৷
যি কি নহওক, পেট্র’লিয়াম গেছ কোম্পানীৰ পৰা জানিব পাৰিছোঁ যে চিলিণ্ডাৰৰ ম্যাদ উকলি (Expiry Date) যোৱাৰ তাৰিখ পৰীক্ষা কৰাৰ পদ্ধতি উলিয়াইছে৷ আমাৰ সকলোৱে জানো যে ঔষধ বিলাকৰো সময়সীমাৰ (ম্যাদ) তাৰিখ থাকে৷ গতিকে প্রতিগৰাকী গ্রাহকে ইয়াৰ পৰীক্ষা পদ্ধতি জনা অতি প্রয়োজন৷
তলত নিম্ন বর্ণিত চিলিণ্ডাৰৰ পৰীক্ষা কৰাৰ পদ্ধতিটো এনেকুৱা– প্রথমতে চাব চিলিণ্ডাৰৰ ওপৰৰ ফালে গাত ইংৰাজীত লিখা আছে D19 ইয়াৰ অর্থটো হৈছে A ইংৰাজী মাহৰ প্রথম তিনিমহীয়া পৰিধি৷Bৰ অর্থটো হৈছে আৰু এটা তিনিমহীয়া পৰিধি যিটোৰ ম্যাদ জুন মাহত উকলি যাব৷C আৰুD ৰ অর্থটো হৈছে আৰু তিনিমহীয়া পৰিধি৷D ৰ অর্থটো হৈছে ইংৰাজী কেলেণ্ডাৰৰ ২০১৯ চনৰ ডিচেম্বৰলৈকে ম্যাদ৷ এনেকুৱা যিকোনো চিলিণ্ডাৰ ডিচেম্বৰ মাহ ২০১৯ চনৰ পাছত ব্যৱহাৰৰ যোগ্য নহয় আৰু যিকোনো মুহূর্তত দুর্ঘটনা হ’ব পাৰে৷ অৱশ্যে আজিকালি নতুন চিলিণ্ডাৰৰ গাত ইংৰাজীতD20ৰ পৰাD/24-25 উলিয়াইছে৷ গতিকে এনেকুৱা নতুন চিলিণ্ডাৰ ভেণ্ডাৰে ঘৰত আনিলে ভয়ৰ কাৰণ নাই৷ গতিকে ভালকৈ চাই নতুন চিলিণ্ডাৰ ৰাখিব৷
এতিয়া এল পি জি গেছৰ ব্যৱহাৰ সম্পর্কত ক’ব বিচাৰিছোঁ যে বর্তমান সময়ত প্রতিঘৰ মানুহে ব্যৱহাৰ কৰা ৰন্ধন গেছ চিলিণ্ডাৰৰ বিষয়ে কেতবোৰ অতি গুৰুত্বপূর্ণ কথা জনাটো প্রয়োজনীয়৷ এই প্রসংগত সম্প্রতি অইল কোম্পানীৰ পৰামর্শ অনুযায়ী ৰন্ধন গেছ ব্যৱহাৰ কৰোঁতে মনত ৰাখিবলগীয়া পদক্ষেপসমূহ তলত বর্ণনা কৰা হ’ল৷ গতিকে অইল কোম্পানীৰ নির্দেশ আখৰে আখৰে মানি চলিলে চিলিণ্ডাৰ বিস্ফোৰণৰ পৰা ৰক্ষা পাব৷
সদৌ শেষত পাঠক তথা ৰন্ধন গেছৰ গ্রাহকসকলক পুনৰবাৰ অনুৰোধ কৰোঁ যে চিলিণ্ডাৰ ভেণ্ডাৰে ঘৰলৈ আনোতে পুংখানুপুংখভাৱে পৰীক্ষা কৰিহে ৰাখিব লাগে যাতে নতুন চিলিণ্ডাৰৰ ম্যাদ সময়সীমা(Expiry Date) থাকে আৰু চিলিণ্ডাৰ লিকেজ আছে নে নাই চাব, তেতিয়াহ’লে দুর্ঘটনা বা বিস্ফোৰণৰ পৰা বিপদমুক্ত হ’ব আৰু ওচৰৰ প্রতিবেশীবিলাকো এই সংক্রান্তত সচেতন কৰিব৷ আৰু ৰন্ধাৰ সময়ত অন্য কাম নকৰিব আৰু সদায় ৰন্ধাৰ সময়ত ষ্টোভৰ ওচৰত/কাষত থাকিব৷

  • উষাকান্তি দাস

লেখকৰ পৰিচয়ঃ লেখক অসম বিধান সভা সচিবালয়ৰ অৱসৰপ্রাপ্ত উপ–সচিব আৰু নতুন দিল্লীৰ লোকসভা সচিবালয়ত সংসদীয় অধ্যয়ন আৰু সম্পাদনা ইত্যাদিত প্রশিক্ষণপ্রাপ্ত

You might also like