নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: এটা ম’হৰ দাম ১০ কোটি টকা৷ অবিশ্বাস্য বুলি ধাৰণা কৰিলেও এয়া সত্য৷ মধ্যপ্রদেশৰ মুৰেনাত তিনিদিনীয়া কৃষক মেলা চলি আছে৷ হৰিয়ানাৰ পৰা এই মেলালৈ নিজৰ পোহনীয়া ম’হ ‘গোলু–২’ক লৈ আহিছে কৃষক নবীন সিঙে৷ এই মেলাত গোলুৱেই এতিয়া আকর্ষণৰ কেন্দ্রবিন্দু হৈ উঠিছে৷ নবীনে উল্লেখ কৰা অনুসৰি গোলুৰ ককাক ম’হটোৰ নাম আছিল গোলু–১৷ শেহতীয়াকৈ গোলু–১ৰ মৃত্যু হৈছে৷ গতিকে এই ম’হটোৰ নাম গোলু–২৷ নবীনে উল্লেখ কৰা অনুসৰি গোলু–১ৰ উপৰি জন্ম হৈছে যুৱৰাজ, ছাহেনশ্বাহ আৰু চুলতানৰ৷ এই ম’হবোৰৰো দাম আছিল কেইবাকোটি টকা৷ অৱশ্যে চুলতানৰ হূদৰোগত মৃত্যু হৈছে৷ গোলু–২ৰ ওজন ডেৰ টন৷ গোলুৰ নিৰাপত্তাৰ বাবে সকলো সময়ত পহৰাত থাকে ১২জন বন্দুকধাৰী৷ গোটেই দিনটোত ২০ লিটাৰ গাখীৰ খুওৱা হয় গোলুক৷ প্রতিদিনে ১০ হাজাৰ টকা খৰচ হয় গোলুৰ নামত৷