নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু দিৱস উপলক্ষে লাহোৱালত বিদ্যালয়ে বিদ্যালয়ে চকলেট বিতৰণ আৰক্ষী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ আজি সমগ্ৰ ভাৰতৰ লগতে ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ে শিশু দিৱস উদযাপন কৰাৰ দৰে ডিব্ৰুগড়ৰ লাহোৱালৰ বিভিন্ন বিদ্যালয়তো উলহ মালহৰে শিশু দিৱস উদযাপন কৰা হয় ৷ শিশু সকলৰ এই পবিত্ৰ দিনটোতে শিশুসকলৰ মাজত থাকি ভাল পোৱা লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্বল গগৈক দেখা পোৱা গ’ল এক ব্যতিক্ৰম ৰূপত৷ হাতত পুৱাই একোটাকৈ চকলেটৰ টেমা লৈ বিদ্যালয়ে বিদ্যালয়ে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চকলেট বিতৰণ কৰি ছাত্ৰ -ছাত্ৰীসকলৰ স’তে মত বিনিময়ৰ মাজেৰে শিশুসকলক শৈক্ষিক ভবিষ্যত উজলাই তুলিবলৈ অনুপ্ৰেৰণা দিলে৷ নিষ্পাপ শিশুসকলেও আৰক্ষী বিষয়াজনক ওপচাই দিয়া মৰমে আৰক্ষী বিষয়াজনক আবেগিক কৰি তোলে । আৰক্ষী বিষয়াজনে শিশু দিৱসৰ দিনা গ্ৰহণ কৰা এই পদক্ষেপক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ -ছাত্ৰীসকলৰ অভিভাৱক আৰু লাহোৱালৰ বৌদ্ধিক সমাজখনৰ লোকসকলেও একমুখে শলাগ লৈছে।

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like