নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তনত ক্ষতিগ্রস্ত দৰিদ্র দেশলৈ পুঁজি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: বাদ–বিবাদৰ মূৰকত ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনৰ কার্যসূচী নির্ধাৰিত সময়তকৈ দুদিন বৃদ্ধি কৰি অৱশেষত ঐতিহাসিক সিদ্ধান্তৰে ইজিপ্তৰ শ্বর্ম অল শ্বেইখৰ ৰেড ছি ৰিজ’টত সামৰণি পৰিল৷ ৰাষ্ট্রসংঘৰ কপ–২৭ত গোলকীয় উষ্ণতাৰ বাবে বিস্তৰ ক্ষতিগ্রস্ত হোৱা দৰিদ্র দেশৰ বাবে ক্ষতিপূৰণ পুঁজি স্থাপনৰ ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰা হয়৷ নির্ধাৰিত কার্যসূচীৰ সময়ছোৱাত কপ–২৭ৰ অংশগ্রহণকাৰী দেশসমূহে কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰাৰ পৰিপ্রেক্ষিতত দুদিন কার্যসূচী সম্প্রসাৰণ কৰা হ’ব৷ সেইমর্মে কপ–২৭ৰ আজিৰ কার্যসূচীত ঐতিহাসিক সিদ্ধান্ত গ্রহণেৰে গোলকীয় উষ্ণতাৰ বাবে ক্ষতিগ্রস্ত হোৱা দৰিদ্র দেশসমূহক পুঁজি যোগান ধৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই দৰিদ্র দেশসমূহক যোগান ধৰিবৰ বাবে ক্ষতিপূৰণ পুঁজি গঠন কৰা হ’ব৷ উন্নত দেশসমূহে এই ক্ষতিপূৰণ পুঁজিত বৰঙণি আগবঢ়াব লাগিব৷ বিভিন্ন বাদ–বিবাদৰ মাজত এই কপ–২৭ত অংশ লোৱা দুই শতাধিক দেশে সহমতত উপনীত হোৱাৰ পিছত আজি ৰাষ্ট্রসংঘৰ কপ–২৭ৰ ইজিপ্তৰ চুক্তি প্রচাৰ কৰা হয়৷ এই চুক্তি অনুসৰি জলবায়ু পৰিৱর্তনৰ বাবে দৰিদ্র দেশসমূহত হোৱা ক্ষতিৰ বাবে পুঁজি গঠন কৰা হ’ব৷ ঘূর্ণি বতাহ আৰু বানকে ধৰি বিভিন্ন জলবায়ু সম্পর্কীয় কাৰণত ক্ষতিগ্রস্ত হোৱা দুখীয়া দেশক উন্নত আৰু উন্নয়নশীল দেশে সহায় কৰিব লাগিব৷ এই ঐতিহাসিক কপ–২৭ৰ সিদ্ধান্ত ২০২৩ বর্ষৰ নৱেম্বৰত কপ–২৮ জলবায়ু সন্মিলনত আনুষ্ঠানিকভাৱে গ্রহণ কৰা হ’ব৷

You might also like