নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ প্রচাৰ অভিযানত মেছি–ৰ’নাল্ডো

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: কাটাৰ বিশ্বকাপ আৰম্ভ হোৱাৰ কেইঘণ্টামান পূর্বে একেলগে দেখা গ’ল বিশ্বৰ দুই অন্যতম শ্রেষ্ঠ ফুটবলাৰ আর্জেণ্টিনাৰ লি’নেল মেছি আৰু পর্তুগালৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ বিশ্বকাপৰ প্রচাৰ অভিযানতহে একেলগে দেখা গৈছে৷ ফৰাচী বিজ্ঞাপন কোম্পানী এটাই মেছি আৰু ৰ’নাল্ডোক একলগ কৰিছে৷ ফ্রান্সৰ ফেশ্বন ব্রেণ্ড লুই ভিটনে তেওঁলোকৰ নতুন বিজ্ঞাপনত দুয়োকে একেলগে প্রদর্শন কৰিছে৷ ছুপাৰ ষ্টাৰ দুজন দবা ব’ডতহে মুখামুখি হোৱা দেখা গৈছে৷ কিছু সময়ৰ পাছতে এই বিজ্ঞাপন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷

You might also like