পৰ্বতঝোৰা আৱৰ্ত ভৱন চৌহদত বৃক্ষৰোপণ
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে পৰ্বতঝোৰা মহকুমাৰ বিভিন্ন ঠাইত মহকুমা প্ৰশাসনে চাফাই অভিযান, বৃক্ষৰোপণ, মাৰাথন, চাইকেল ৰেলী, কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্নধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই উপলক্ষে আজি পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁৱত নিৰ্মীয়মাণ আৱৰ্ত ভৱন চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। এই কাৰ্যসূচীত সহকাৰী আয়ুক্ত প্ৰিয়ংকৰ প্ৰতিম ডেকা, স্কুলসমূহৰ উপ-পৰিদৰ্শক মংগলেশ্বৰ চৌধুৰী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া একাব্বৰ আলী, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাকে ধৰি মহকুমা প্ৰশাসনৰ একাংশ কৰ্মচাৰী আৰু অন্য কিছু পৰিৱেশ-সচেতন ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে আজি পুৱা দুলিগাঁও কমিউনিটী হলৰ পৰা টিপকাই পৰিদৰ্শন চকীলৈকে এক মাৰাথন কাৰ্যসূচীও সম্পন্ন হয়। উক্ত কাৰ্যসূচীত ভাৰপ্ৰাপ্ত মহকুমাধিপতি অনছুলা বসুমতাৰী আৰু বগৰীবাৰী ৰাজহ চক্ৰ বিষয়া দেৱজ্যোতি গগৈকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত থাকে।
————–পাৰ্থ সাৰথি চক্ৰবৰ্তী