নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ কঁপোৱা শ্ৰদ্ধা হত্যাকাণ্ড : ঘাতক প্ৰেমিক আফতাবৰ পলিগ্ৰাফী টেষ্ট

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ দেশ কঁপোৱা শ্ৰদ্ধা হত্যাৰ অভিযুক্ত আফতাবৰ পলিগ্ৰাফী টেষ্টৰ বাবে দিল্লী আৰক্ষীয়ে সাকেট আদালতত আবেদন দাখিল কৰিছিল। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পলিগ্ৰাফী টেষ্টৰ অনুমতি দিছে আদালতে। ইয়াৰ লগে লগে আফতাবৰ নাৰ্কো টেষ্টৰ পূৰ্বে পলিগ্ৰাফী টেষ্টৰ বাবে যিটো বাধাৰ বাবে আদালতৰ অনুমতিৰ প্ৰয়োজন হৈছিল, সেই বাধা এতিয়া আঁতৰাই পেলোৱা হৈছে। এই পৰীক্ষা কেতিয়া কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইয়াৰ বাহিৰেও এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে প্ৰায় ১৩ডাল হাড় আৰু মুখৰ এটা অংশ লাভ কৰিছে। এই সকলো তদন্তৰ বাবে চিএফএছএললৈ প্ৰেৰণ কৰা হৈছে। আফতাবৰ নাৰ্কো, পলিগ্ৰাফী টেষ্ট এফ এছ এলত কৰা হ’ব। আৰক্ষীয়ে আদালতত জনাইছিল যে নিজৰ লাইভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি পেলোৱাৰ কথা স্বীকাৰ কৰা আফতাবে প্ৰশ্নৰ বিভ্ৰান্তিকৰ উত্তৰ দিছিল। বৃহস্পতিবাৰে আদালতে ৰোহিনী ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰক আফতাবৰ নাৰ্কো টেষ্ট ৫ দিনৰ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল। বৃহস্পতিবাৰে আদালতে অভিযুক্তৰ আৰক্ষীৰ জিম্মা ৫ দিনৰ বাবে বৃদ্ধি কৰিছিল। অৱশ্যে এই গোচৰৰ তদন্তকাৰী বিষয়াক অভিযুক্তৰ ওপৰত তৃতীয় ডিগ্ৰীৰ শাস্তি প্ৰয়োগ নকৰিবলৈ আদালতে নিৰ্দেশ দিছিল। দেশ কঁপোৱা হত্যাকাণ্ডটোৰ গোচৰটো ছমাহ পুৰণি। এই মাহত এই কথা পোহৰলৈ আহিছে। আফতাব আৰু শ্ৰদ্ধা চলিত বৰ্ষৰ মে’মাহত মুম্বাইৰ পৰা দিল্লীলৈ স্থানান্তৰিত হয়। দুয়োজনে দিল্লীৰ ছটাৰপুৰ পাহাৰী অঞ্চলত ভাড়াত লৈছিল এটা ঘৰ। দিল্লীলৈ অহাৰ তিনি দিন পিছত কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া হয় আৰু আফতাবে শ্ৰদ্ধাক হত্যা কৰে। আৰক্ষীৰ মতে, অভিযুক্তই শ্ৰদ্ধাক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি প্ৰতি নিশা হাবিত পেলাই দিছিল। শ্ৰদ্ধাৰ পিতৃয়ে তেওঁক নিৰুদ্দেশ হোৱাৰ অভিযোগ আৰক্ষীক দিছিল, তাৰ পিছত আৰক্ষীয়ে তদন্ত কৰি বিষয়টো পোহৰলৈ আনে।

You might also like