নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধ্যাপক–কর্মচাৰীৰ অভাৱ অসম–তেজপুৰ বিশ্ববিদ্যালয়ত

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অধ্যাপককে ধৰি তীব্র কর্মচাৰী সংকটত পৰিছে ৰাজ্যৰ দুই কেন্দ্রীয় বিশ্ববিদ্যালয় ক্রমে শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়৷ সোমবাৰে লোকসভাৰ মজিয়াত এই কথা ব্যক্ত কৰিছে খোদ কেন্দ্রীয় মানৱ সম্পদ বিভাগৰ মন্ত্রী ৰমেশ পোখৰিয়াল নিশাংকে৷ সদনৰ প্রশ্নোত্তৰকালত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা শিৱসেনাৰ সাংসদ অৰবিন্দ গণপট সাৱন্তে সোধা এক প্রশ্নৰ ডত্তৰত বিভাগীয় মন্ত্রীজনে প্রকাশ কৰা মতে, অসম বিশ্ববিদ্যালয়ত এই মুহূর্তত মুঠ ৯২গৰাকী শিক্ষকৰ পদ খালী হৈ আছে৷ ইয়াৰ ভিতৰত আছে ২৫টা অধ্যাপকৰ, ২৯টা সহযোগী অধ্যাপক আৰু ৩৮টা সহকাৰী অধ্যাপকৰ পদ৷ আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ত খালী হৈ আছে মুঠ ৫০গৰাকী শিক্ষকৰ পদ৷ ইয়াৰ ভিতৰত আছে ১৬টা অধ্যাপক, ১৪টা সহযোগী অধ্যাপক আৰু ২০টা সহকাৰী অধ্যাপকৰ পদ৷

আনহাতে অসম বিশ্ববিদ্যালয়ত পাঠদানৰ সৈতে জডিত নথকা মুঠ ৩১টা কর্মচাৰীৰ পদ খালী হৈ আছে৷ গ্রুপ ‘এ’ত খালী হৈ আছে ৫টা, গ্রুপ ‘বি’ত আছে ৩টা আৰু গ্রুপ ‘চি’ত খালী হৈ আছে ২৩টা পদ৷ একেদৰে তেজপুৰ বিশ্ববিদ্যালয়ত মুঠ ১৩টা কর্মচাৰীৰ পদ খালী হৈ থকাৰ কথা মন্ত্রী পোখৰিয়াল নিশাংকে সদনক অৱগত কৰে৷ ইয়াৰ ভিৰত গ্রুপ ‘এ’ত ৩টা, গ্রুপ ‘বি’ত এটা আৰু গ্রুপ ‘চি’ত ৯টা পদ৷

মন কৰিবলগীয়া যে সামগ্রিকভাৱে দেশৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহ ব্যাপক অধ্যাপক তথা কর্মচাৰীৰ নাটনিৰ কথা বিভাগীয় মন্ত্রীজনৰ বিবৃতিৰ পৰা জানিব পৰা গৈছে৷ কোৱা হৈছে সমগ্র দেশৰ মুঠ ৪০খন কেন্দ্রীয় বিশ্ববিদ্যালয়ত এই মুহূর্তত ৬,৬৮৮টা অধ্যাপক, সহযোগী আৰু সহকাৰী অধ্যাপকৰ পদ খালী হৈ পৰি আছে৷ খালী হৈ থকা কর্মচাৰীৰ সংখ্যা হৈছে মুঠ ১২,৩২৩৷

লক্ষণীয়ভাৱে সার্বিকভাৱে দেশৰ পৰিসংখ্যাত দেখা গৈছে অধ্যাপকতকৈ কর্মচাৰীৰ পদহে বেছিকৈ খালী হৈ আছে৷ পিছে অসমৰ দুই কেন্দ্রীয় বিশ্ববিদ্যালয়ত দেখা গ’ল কর্মচাৰীতকৈ অধ্যাপকৰ পদহে অত্যধিক খালী হৈ আছে৷

You might also like