নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ পঞ্চদশ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ২৯ নবেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ অনুষ্ঠিত খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ পঞ্চদশ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ আজি সামৰণি পৰে। বিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে নৃত্য, গীত-মাত, কুইজ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি, চিত্ৰাংকন, ভেকচন আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আজি বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন মহলীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। এটি বৃন্দ গানেৰে আৰম্ভ কৰা এই অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী ধৈৰ্য ডেকা, শিক্ষক ৰঞ্জন কুমাৰ ৰাভা আৰু সচেতন অভিভাৱক হেমেন দাসে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সুন্দৰ বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বিগত বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা দীপ্তি প্ৰভা সৰকাৰে। ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হয় ক্ৰমে প্ৰণৱ শৰ্মা আৰু চিন্ময় জ্যোতি বড়োই। আজিৰ অনুষ্ঠানতে নতুন সমিতিৰ হাতত আনুষ্ঠানিকভাৱে কাৰ্যভাৰ অৰ্পণ কৰা হয়। নৃত্য, গীত-মাত, কথাৰে জীপাল হৈ পৰা অনুষ্ঠানটিত বিদ্যালয়ৰ স্বত্বাধিকাৰী হিৰণ্য ৰায় বৰুৱা, পতিৰাম বড়ো প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like