নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ অলিম্পিক আয়োজনৰ স্বপ্ন দেখিছে কাটাৰে

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰৰ:  বিশ্বকাপ ফুটবল আয়োজনৰ পূর্বৰে পৰা বিভিন্ন বিতর্কত সোমাই পৰা কাটাৰত প্রতিযোগিতাখন আৰম্ভ হোৱাৰ পিছত বহু পৰিমাণে স্তিমিত হৈ পৰিছে বিতর্ক৷ ইয়াতে উৎসাহিত হৈ পৰা আয়োজক কাটাৰে এইবাৰ অলিম্পিক গেমছ আয়োজনৰ সপোন দেখিছে৷ দেশখনে ২০৩৬ বর্ষৰ অলিম্পিক আয়োজন কৰিব বিচাৰে৷ আনুষ্ঠানিকভাৱে এতিয়াও অলিম্পিক আয়োজনৰ দাবী জনোৱা নাই যদিও আগন্তুক সময়ত বৃহৎ প্রতিযোগিতাখন আয়োজনৰ দাবী জনালেও অবাক হ’বলগীয়া নাই৷ ২০৩৬ৰ আয়োজক দেশৰ নাম কেতিয়া জনোৱা হ’ব সেই সম্পর্কে এতিয়াও কোনো কথা ব্যক্ত কৰা নাই আন্তর্জাতিক অলিম্পিক কমিটীয়ে৷ অৱশ্যে কাটাৰে যে সেই যুঁজত অংশগ্রহণ কৰিব সেয়া নিশ্চিত৷ যদি সফল হয়, তেনেহ’লে প্রথম মুছলিম দেশ হিচাপে অলিম্পিক আয়োজন কৰিব তেওঁলোকে৷ ফুটবল বিশ্বকাপৰ দৰে অলিম্পিকো বছৰৰ শেষত আয়োজন কৰাৰ দাবী জনোৱা হ’ব৷ অৱশ্যে অলিম্পিক সমিতিয়ে এই কথা মানি ল’বনে নলয় সেয়া সময়ে ক’ব৷

You might also like