নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৰে মংগলৰ বাবেই ভোটদান মোদীৰ পত্নীৰ

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰৰ: লোকসভাই হওক বা বিধানসভাই হওক প্রতিটো নির্বাচনত ভোটদান কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পত্নীয়ে৷ আজি মেহছানা জিলাৰ উঞ্ঝাত ভোটদান কৰে মোদীৰ পত্নী যশোদাবেনে৷ স্থানীয় ৰঘুভাই, সভাভাই পৰমাৰ প্রাথমিক বিদ্যালয়ৰ কেন্দ্রত আত্মীয়ৰ সৈতে গৈ ভোটদান কৰে যশোদাবেনে৷ ভোটদান কৰি ওলাই অহাৰ পিছত সংবাদ মাধ্যমে কাক ভোট দিলে বুলি কৰা প্রশ্ণৰ উত্তৰত যশোদাবেনে হাঁহি হাঁহি কয় যে প্রতিবাৰৰ দৰে এইবাৰো তেওঁ ভোট দিলে৷ বিশেষ কোনো দলৰ নাম উল্লেখ নকৰি সকলোৰে ভালৰ বাবে প্রার্থনা কৰি ভোটদান কৰা বুলি মন্তব্য কৰে৷

You might also like