শৈক্ষিক-পৰিৱেশ গৱেষণাৰ ক্ষেত্ৰত কটন–আৰণ্যকৰ বুজাবুজি চুক্তি
কটন বিশ্ববিদ্যালয় আৰু জীৱবৈচিত্ৰ্য সংৰক্ষণ তথা গৱেষণাৰ ক্ষেত্ৰত কৰ্মৰত অগ্ৰণী সংস্থা আৰণ্যক-এ শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতা গঢ়ি তোলাৰ উদ্দেশ্যে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
এই চুক্তিৰ লক্ষ্য হৈছে জীৱবৈচিত্ৰ্য আৰু বন্যপ্ৰাণী সংৰক্ষণ, বন আৰু পৰিৱেশতন্ত্ৰ, জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, দুৰ্যোগজনিত বিপদাশংকা হ্ৰাস, পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়ন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত আন্তঃবিষয়ক গৱেষণা আৰু শিক্ষামূলক কাৰ্যসূচীক উৎসাহিত কৰা।
এই সহযোগিতাৰ জৰিয়তে যৌথ গৱেষণা প্ৰকল্প, শিক্ষাৰ্থীৰ ইণ্টাৰ্নশ্বিপ, শিক্ষক আৰু গৱেষকৰ আদান-প্ৰদান, গৱেষণা সুবিধাসমূহৰ যৌথ ব্যৱহাৰ, গৱেষণাপত্ৰ প্ৰকাশ, প্ৰশিক্ষণ কাৰ্যসূচী, লগতে উভয় পক্ষৰ স্বাৰ্থজড়িত আলোচনা চক্ৰ, কৰ্মশালা আৰু ছেমিনাৰ আয়োজন কৰা হ’ব।
কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হীৰেণ ডেকা আৰু আৰণ্যকৰ সাধাৰণ সম্পাদক ড° বিভৱ কুমাৰ তালুকদাৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ উপস্থিতিত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
চুক্তি স্বাক্ষৰ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ ডীন অধ্যাপক শান্তনু শৰ্মা, ছাত্ৰ কল্যাণ বিভাগৰ ডীন অধ্যাপক ঈশান কলিতা, পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ ড° নাৰায়ণ শৰ্মা, লগতে আৰণ্যকৰ ড° পাৰ্থ জ্যোতি দাস আৰু উদয়ন বৰঠাকুৰ উপস্থিত থাকে।
এই সহযোগিতাই আন্তঃবিষয়ক গৱেষণা, উদ্ভাৱন আৰু জ্ঞানৰ আদান-প্ৰদানৰ বাবে এক শক্তিশালী মঞ্চ গঢ়ি তোলাৰ লগতে শৈক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰিও তথ্য-প্ৰমাণভিত্তিক সংৰক্ষণ, পৰিৱেশগত বহনক্ষমতা নিশ্চিতকৰণ আৰু অঞ্চলটোৰ বাবে দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰতো এই চুক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, এই বুজাবুজি চুক্তি প্ৰাথমিকভাৱে পাঁচ বছৰৰ বাবে বলবৎ থাকিব। উভয় পক্ষৰ পাৰস্পৰিক সন্মতিৰ ভিত্তিত চুক্তিখনৰ ম্যাদ পৰৱৰ্তী সময়ত নবীকৰণ কৰাৰ ব্যৱস্থাও ৰখা হৈছে।
ডিজিটেল ডেস্ক, ২৮ জুলাই