নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ৰ পৰা ২৫ বছৰ বয়সৰ যুৱকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব কণ্ডম

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয় যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ১৮-২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ বাবে দেশখনৰ সকলো ফাৰ্মাচিতে বিনামূলীয়াকৈ কণ্ডমৰ ব্যৱস্থা কৰা হ’ব। এই সিদ্ধান্ত যুৱকসকলক গুৰুতৰ অসুস্থতাৰ পৰা বচাবলৈ লোৱা হৈছে। বিশেষকৈ এছটিডি (STD) আৰু অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ ফ্ৰান্স চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ফ্ৰান্স চৰকাৰৰ মতে, অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপটো গ্ৰহণ কৰা হৈছে।

শেহতীয়াকৈ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পশ্চিম ফ্ৰান্সত যৌন শিক্ষা সম্পৰ্কীয় এখন সন্মিলনত অংশগ্ৰহণ কৰি কয় যে যৌন শিক্ষাৰ ওপৰত আমাৰ দেশ এতিয়াও পিছুৱাই আছে। সেইবাবেই মানুহক সজাগ কৰাটো অতি প্ৰয়োজনীয়। আমি আমাৰ শিক্ষকসকলকো এই ক্ষেত্ৰত অধিক শিক্ষিত কৰিব লাগিব।

তথ্য অনুসৰি ২০২০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ফ্ৰান্সত যৌন সংক্ৰমণৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে। এইটো ফ্ৰান্সৰ বাবে চিন্তাৰ বিষয়।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে চৰকাৰে ২৬ বছৰ বয়সলৈকে সকলো মহিলাৰ বাবে গৰ্ভনিৰোধক দৰৱ বিনামূলীয়া কৰি দিছিল। এই সিদ্ধান্তই ৩০ লাখ মহিলাক প্ৰভাৱিত কৰিছিল।

You might also like