তিনিচুকীয়া জিলাৰ মাকুম বৰহাপজানৰ বাসিন্দা, বিজেপি সমৰ্থক ৰাজেশ মহাননে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ উদ্দেশ্যে আজি পদযাত্ৰা কৰি গুৱাহাটী অভিমুখে ৰাওনা হৈছে।
ৰাজেশ মহাননে কয়, ২০২২ চনৰ পৰা ২০২৬ চনলৈ দেশৰ ১৮খন ৰাজ্য ভ্ৰমণ কৰি বিজেপিৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলাইছিল।
এনেদৰে যাত্ৰাৰ সময়ত দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ লাভ কৰাৰ সময়তে ভ্ৰমণ সম্পূৰ্ণ হোৱাৰ পাছত গুৱাহাটীত সাক্ষাৎ কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী গৰাকীয়ে৷
এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ এই পদযাত্ৰা আৰম্ভ কৰা বুলি জানিবলৈ দিছে। ইফালে লোকজনৰ সমগ্ৰ শৰীৰত বিজেপিৰ নেতাসকলৰ প্ৰতিচ্ছবিও অংকন কৰি ৰাখিছে।
বিশেষ বাৰ্তা, তিনিচুকীয়া, ১৮ জুন