সৌৰ শক্তি আৰু নবীকৰণযোগ্য শক্তি গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰি ছিপাঝাৰৰ শৈক্ষিক ক্ষেত্ৰখনক উজ্জীৱিত কৰি তুলিবলৈ সক্ষম হৈছে ড০ সাগৰ ভট্টৰাই।
শেহতীয়াকৈ প্ৰকাশিত AD Scientific Indexৰ তথ্যত অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ বিজ্ঞানীসকলৰ লগত নাম সন্নিবিষ্ট হৈছে যুৱ বিজ্ঞানীগৰাকীৰ নাম।
উল্লেখযোগ্য যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীৰ বিজ্ঞানী আৰু উদ্ভাৱক ড° সাগৰ ভট্টৰাইয়ে সৌৰশক্তিচালিত উচ্চগতিৰ চাইকেল উদ্ভাৱনৰ জৰিয়তে বিশেষ খ্যাতি অৰ্জন কৰাৰ উপৰি অধিক দূৰত্ব অতিক্ৰম কৰিব পৰা অত্যাধুনিক বৈদ্যুতিক বাহন (E-Vehicle) আৰু বেটাৰীচালিত ত্ৰিচকীয়া বাহন উদ্ভাৱন কৰি পৰিষ্কাৰ শক্তিনিৰ্ভৰ পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিছে।
বিজ্ঞানীগৰাকীৰ নামত একাধিক পেটেণ্টো নিবন্ধিত হৈছে। লক্ষণীয় নবীকৰণযোগ্য শক্তি, সৌৰ প্ৰযুক্তি আৰু শক্তি সংৰক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত ড° ভট্টৰাইৰ গৱেষণাই ভৱিষ্যতে এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সম্ভাৱনা থকা বুলিও ইতিমধ্যে বিশেষজ্ঞ সকলে মত পোষণ কৰিছে।
পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি, পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ড০ সাগৰ ভট্টৰাইৰ উদ্ভাৱনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰো সম্ভাৱনা আছে। ইতিমধ্যে সৌৰ শক্তি গৱেষণাৰ ক্ষেত্ৰত ড° সাগৰ ভট্টৰাইয়ে অসম তথা উত্তৰ-পূৰ্ব ভাৰতৰ এক নম্বৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰি এক উল্লেখযোগ্য কৃতিত্বৰ অধিকাৰী হৈছে।
ইয়াৰ পূৰ্বেও ২০২৪ আৰু ২০২৫ বৰ্ষত ড° ভট্টৰাই বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। গৱেষণাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ধাৰাবাহিক সাফল্যই উদ্ভাৱক তথা বিজ্ঞানী গৰাকীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক বিশেষ স্থান প্ৰদান কৰিছে।
বৰ্তমানলৈকে বিজ্ঞানীগৰাকীৰ গৱেষণা প্ৰবন্ধসমূহে চাৰি হাজাৰতকৈও অধিক উদ্ধৃতি (Citations) লাভ কৰাৰ লগতে তেওঁৰ H-Index ৩৫-লৈ উন্নীত হৈছে, যিটো এগৰাকী গৱেষকৰ প্ৰভাৱ আৰু গৱেষণাৰ মাণদণ্ডৰ এক উল্লেখযোগ্য সূচক।
প্ৰণিধানযোগ্য যে দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ তেনেই এক গ্ৰাম্য পৰিৱেশৰ গৈ বিশ্বৰ গৱেষণা জগতলৈকে আগবাঢ়ি যোৱা ড° সাগৰ ভট্টৰাই আজিৰ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ নাম।
অধ্যৱসায়, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে কেৱল অসমকেই নহয়, সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে।যাৰ বাবে ছিপাঝাৰ তথা দৰঙৰ শৈক্ষিক মহল এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে।
সকলোৱে আশা প্ৰকাশ কৰিছে যে ড° সাগৰ ভট্টৰাইয়ে ভৱিষ্যতেও নিজৰ গৱেষণা, উদ্ভাৱন আৰু কৰ্মনিষ্ঠাৰ জৰিয়তে অসম আৰু দৰং জিলালৈ আৰু অধিক গৌৰৱ কঢ়িয়াই আনিব। বিশ্বৰ বিজ্ঞিন মঞ্চত বিশেষ ভাবি উজ্বলি উঠি অসমৰ যুৱ সমাজৰ মাজত আশাৰ সঞ্চাৰ কৰিব পাৰিব বুলিও আশা কৰিছে দৰংবাসীয়ে।
নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১৮ জুন