নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচী : গুৱাহাটীত নতুন যান-বাহন নিয়ম জাৰি

গুৱাহাটী আৰক্ষীৰ যান-বাহন শাখাই অম্বুবাচী মহাযোগ ২০২৬ উপলক্ষে বিশেষ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা ঘোষণা কৰিছে। ২২ জুনৰ পৰা ২৬ জুনলৈকে মা কামাখ্যা মন্দিৰৰ চৌপাশৰ অঞ্চলত এই নতুন নিয়ম বলৱৎ থাকিব।

অধিসূচনা অনুসৰি, কামাখ্যা পাহাৰৰ পাদদেশৰ পৰা মন্দিৰলৈ সাধাৰণ যান-বাহনৰ চলাচল সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কেৱল এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহনৰ দৰে জৰুৰীকালীন বাহনসমূহক এই পথ ব্যৱহাৰৰ অনুমতি দিয়া হ’ব।

অত্যাৱশ্যকীয় সামগ্ৰী আৰু খোৱাপানী কঢ়িয়াই নিয়া বাহনসমূহে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈকে মন্দিৰলৈ যাতায়াত কৰিব পাৰিব। বিশেষ অনুমতিপত্ৰধাৰী বাহন আৰু ফেৰী গাড়ীসমূহ পাণ্ডু টেম্পল ঘাটৰ পৰা বংশীবাগান হৈ চলাচল কৰিব।

জালুকবাৰী আৰু ভৰলুমুখ দিশৰ পৰা অহা ভক্তসকল নীলাচল ফ্লাইঅ’ভাৰৰ ছাৰ্ভিছ লেনত নামিব লাগিব। তেওঁলোকৰ বাহন আদাবাৰী বাছ ষ্টেণ্ড আৰু বৰিপাৰা খেলপথাৰৰ দৰে নিৰ্দিষ্ট স্থানত পাৰ্কিং কৰাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰি পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ এমজি ৰোড আৰু ডি জি ৰোডকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পথত বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উৎসৱৰ সময়ছোৱাত আন্তঃজিলা বাছসমূহকো মহানগৰীৰ ভিতৰৰ পথসমূহ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক সময়ৰ আগতেই যাত্ৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। নীলাচল ফ্লাইঅ’ভাৰ আৰু ইয়াৰ কাষৰীয়া পথসমূহত পথৰ কাষত বাহন ৰখোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৮ জুন

You might also like