নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান ভাদৈত ডিব্ৰুগড় জিলা আছুৰ ভাওনা সমাৰোহ সামৰণি

// শ্ৰেষ্ঠ ভাওনা দল যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্যগোষ্ঠী

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ — সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্হাৰ উদ্যোগত দুলীয়াজান আঞ্চলিক আৰু ভাদৈ শাখা ছাত্ৰ সন্হাৰ আতিথ্যত যোৱা ৭ ডিচেম্বৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহখনি কালি সফল সামৰণি পৰে । ভাদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই ভাওনা সমাৰোহত শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান অৰ্জন কৰে যোৰহাট জিলাই । যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্যগোষ্ঠীৰ “যযাতিৰ জৰাপ্ৰাপ্তি পুৰুৰ ৰাজ অভিষেক” নাটখনে শ্ৰেষ্ঠ ভাওনা সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ ভাৱৰীয়া পুৰুষ ( লাটুমণি শইকীয়া), শ্ৰেষ্ঠ স্ত্ৰী চৰিত্ৰ (বিতোপন সেনাপতি) আৰু শ্ৰেষ্ঠ গায়ন (প্ৰজ্ঞান প্ৰতিম বৰুৱা) পুৰষ্কাৰো লাভ কৰিবলৈ সক্ষম হয় । ডিব্ৰুগড় টিংখঙৰ উপাসনা আধ্যাত্মিক কৃষ্টি বিকাশ কেন্দ্ৰৰ “শ্ৰী শ্ৰী ৰাম পৰাজয়- সীতাৰ পাতাল গমন” ভাওনাখনে দ্বিতীয় শ্ৰেষ্ঠ আৰু শিৱসাগৰৰ ধিতাইপুখুৰীৰ পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ “শনিৰ দেৱপদপ্ৰাপ্তি-গণেশৰ জন্মকাহিনী-গজাসুৰৰ মুক্তিলাভ” ভাওনাখনে তৃতীয় শ্ৰেষ্ঠ সন্মান বুটলিবলৈ সক্ষম হয় । এই ভাওনা সমাৰোহত যোৰহাট জিলাই তিনিটাকৈ পুৰষ্কাৰ বুটলি শ্ৰেষ্ঠ স্হান দখল কৰাৰ লগতে ডিব্ৰুগড় টিংখং নাট্যগোষ্ঠীৰ শিল্পী পলাশ শইকীয়াই শ্ৰেষ্ঠ বায়ন আৰু প্ৰীতম বৰাই শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান লাভ কৰে। সেইদৰে শিৱসাগৰ সাংস্কৃতিক গোষ্ঠীৰ শিল্পী ৰূপম বৰাই শ্ৰেষ্ঠ কৃষ্ণ আৰু শ্ৰেষ্ঠ নাৰদৰ সন্মান লাভ কৰে নৱজ্যোতি কলিতাই । আনহাতে শিৱসাগৰ সন্মিলিত বৈষ্ণৱ শিল্পী সমাজৰ অম্লানজ্যোতি দাসে শ্ৰেষ্ঠ সূত্ৰধাৰৰ বঁটা লাভ কৰে।

কৃষ্ণা গগৈ

You might also like