নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AJYCP-ৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি বিৰাজ তালুকদাৰৰ দেহাৱসান

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (এজেৱাইচিপি)-ৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি বিৰাজ তালুকদাৰ (বিজু)ৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি থকা বিৰাজ তালুকদাৰে যোৱানিশা নলবাৰী মেডিকেল কলেজ আৰু হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

ছাত্ৰ আন্দোলন আৰু জাতীয়তাবাদী চিন্তাধাৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিৰাজ তালুকদাৰ সংগঠনটোৰ এজন সক্ৰিয় আৰু জনপ্ৰিয় নেতা হিচাপে পৰিচিত আছিল। তেওঁৰ অকাল বিয়োগৰ খবৰে গৃহ জিলা নলবাৰীৰ লগতে সমগ্ৰ ৰাজ্যত গভীৰ শোকৰ সৃষ্টি কৰিছে।

তেওঁৰ মৃত্যুত বিভিন্ন জাতীয়-সামাজিক সংগঠন, শুভাকাংক্ষী আৰু সহযোদ্ধাসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

বিৰাজ তালুকদাৰৰ বিয়োগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাজ্যৰ জাতীয়তাবাদী আন্দোলনে এজন সংগ্ৰামীক হেৰুৱালে।

ডিজিটেল ডেস্ক, ১৬ জুন

You might also like