নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ বাৰপূজীয়াত শোকাৱহ দুৰ্ঘটনা

  • মৰিগাওঁ বাৰপূজীয়াৰ শৰালী গাঁৱত শোকাৱহ দুৰ্ঘটনা।
  • পকী দেৱাল বাগৰি এজনৰ মৃত্যু, আন এজন আহত।
  • মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ শৰালী গাঁৱত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে।
  • এটা ঘৰৰ  নিৰ্মাণকাৰ্যত কাম কৰি থকা অৱস্থাতে হঠাৎ এখন পকা দেৱাল ভাঙি পৰে।
  • দেৱালখন পোনপটীয়াভাৱে কৰ্মৰত হেমন্ত নাথ আৰু সঞ্জীৱ বৰদলৈ নামৰ দুজন লোকৰ গাত বাগৰি পৰে।
  • দুৰ্ঘটনাটোৰ পিছতে স্থানীয় গাঁওবাসীয়ে ততাতৈয়াকৈ তেওঁলোকক উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে হেমন্ত নাথক।
  • গুৰুতৰভাৱে আহত সঞ্জীৱ বৰদলৈক উন্নত চিকৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

ডিজিটেল ডেস্ক, ১৭ জুন

You might also like