মৰিয়নিত অসম দৰ্শন আঁচনিৰ অধীনত পকী বেৰা নিৰ্মাণৰ কামৰ শুভাৰম্ভ
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰম্ভ কৰিলে নিৰ্মাণকাৰ্য
নিয়মীয়া বাৰ্তা, ১২ডিচেম্বৰ: মৰিয়নিৰ অন্যতম পুৰণি ধৰ্মীয়নুষ্ঠান নতুনমাটি নামঘৰৰ পকী বেৰাৰ নিৰ্মাণকাৰ্য্য আজি শুভাৰম্ভ কৰা হয় । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি পকী বেৰাৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে । উল্লেখ্য যে, অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত মৰিয়নিৰ ৬২ নং মুলাগাভৰু গাওঁ পঞ্চায়তৰ অন্তৰ্গত নতুনমাটি নামঘৰে ৰাজ্য চৰকাৰৰ পৰা ২•৫ লাখ অৰ্থাৎ আঢ়ৈ লাখ টকাৰ অনুদান লাভ কৰিছে । উক্ত ধনৰাশিৰে নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ হেতু পকী বেৰা নিৰ্মাণৰ কাম হাতত লৈছে । আজি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসম দৰ্শন আঁচনিৰ ধনেৰে যিমান পাৰে সিমানলৈকে নিৰ্মাণ হওক । পকীবেৰাৰ অৱশিষ্ট কামৰ বাবে বিধায়কৰ এলেকা উন্নয়ন পুঁজিৰ পৰা অনুদান দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক কুৰ্মীয়ে । ইয়াৰ পিছতে অনুষ্ঠিত চমু অনুষ্ঠানত চৰকাৰে ধৰ্মীয়নুষ্ঠানলৈ ধন আগবঢ়াই ৰাজ্যৰ চুকে কোণে থকা ধৰ্মীয়নুষ্ঠানসমূহক শক্তিশালী কৰিছে বুলি মন্তব্য কৰে । এই প্ৰচেষ্টাই ৰাজ্যৰ ধৰ্মীয়নুষ্ঠান সমূহ যেনে বহু পুৰণি নামঘৰ আদিৰ প্ৰতি চৰকাৰখনৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰিব পাৰি বুলি মন্তব্য কৰে । চমু অনুষ্ঠানটোত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত, সম্পাদক দ্বীপেন ফুকন, শিক্ষাবিদ বিমান বৰবৰা, বয়োজ্যেষ্ঠ ব্যক্তি ধীৰেন ফুকন, প্ৰিয়নাথ গগৈ, অতুল হাজৰিকা, প্ৰদীপ বৰা, আমানুল হুছেইন, প্ৰবীন ডেকা, মইনুল ইছলাম, অনুপ ফুকন, ৰঞ্জিত গোহাঁইবৰুৱা, প্ৰমোদ চেতিয়া, ধৰ্মেন্দ্ৰ চেতিয়া, অৰূপ ফুকন, সুশান্ত বৰা, ভূপেন বৰুৱা, কামাল আহমেদ, পল্লৱ বৰুৱা, দ্বীপেন চেতিয়া, প্ৰাঞ্জল ফুকন, পিজুষ শৰ্মা, দিপু দত্ত, যোগেন্দ্ৰ নাথ, গোপাল গগৈ প্ৰমুখ্যে বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
দিব্যজ্যোতি শইকীয়া