বিশেষ লেখাঃ প্রত্যাশাৰ আঘোণ
অসমীয়া লোকৰ অতি হেঁপাহৰ মাহ আঘোণ দুৱাৰডলিত। ইতিমধ্যে শৰতে বিদায় মাগিলে। হেমন্তৰ আগমন ঘটিল। শীতেও এঙামুৰি দিলে। এনেতে কুঁৱলীৰ আঁচলেৰে গা ঢাকি বহু দুখ-কষ্টৰ বাট বুলি খেতিয়ক ভদীয়া-আঘোণা আৰু শাশুণী-ফাগুনীহঁতৰ অতি আদৰৰ, অতি হেঁপাহৰ, অতি আশাৰ আঘোণীৰ আগমন ঘটিল ৷ আঘোণ মাহ খেতিয়কৰ প্ৰাণচঞ্চলা মাহ, সমৃদ্ধিৰ মাহ, প্রত্যাশাৰ মাহ। কিন্তু সেই প্রাণচঞ্চলা আঘোণী আজিচোন জীর্ণ-শীর্ণ। নাই কোনো উত্তাপ। নিৰুদ্বেগ আঘোণী। মানুহৰ সীমাহীন দুখ-কষ্ট, আলৈ আহুকাল, বিপদ-আপদ আৰু ইয়াৰ মাজৰ একাংশৰ কপটতা, ভ্রূকুটি, আত্মাঘাতী স্বভাৱ দেখি আঘোণী আজি অতিশয় মর্মাহত আৰু দুখিত। ক’ব গ’লে আঘোণৰ পথাৰ আজি উদং প্রায়। কৃষি ভূমি সংকুচিত হ’ল। কালৰ কুটিল গতিত তাহানিৰ অসমীয়াৰ গঞাৰ চোতাললৈ আঘোণী আহিবলৈ ভয় কৰা হ’ল। অসমীয়া গঞাৰ পথাৰ আজি নিসাৰ আৰু মৰিশালিৰ নিস্তব্ধতা বিৰাজমান। প্রাণচঞ্চলা আঘোণৰ মাদকতা, জীৱন্ত আঘোণ আজি নিস্তব্ধ আৰু নিতাল। ইয়াৰ কাৰণ? একাংশ মানুহৰ অতিলোভ, অতিভোগ, স্বাৰ্থপৰতা, আত্মঘাতী মূৰ্খামী স্বভাৱৰ বশৱৰ্তী হৈ প্ৰকৃতিৰ ওপৰত কৰা অৱৰ্ণনীয় অত্যাচাৰ আৰু ধ্বংস কার্যৰ ফলত প্রকৃতি আজি ৰুষ্ট আৰু ক্ষুব্ধ। যান্ত্রিকতা আৰু শিল্প উদ্যোগৰ দোহাই দি মানুহে জধে-মধে গছ- গছনি, হাবি-বন, নদ-নদী, বিল-পুখুৰী, জলাশয়-পিটনি এফালৰ পৰা শেষ কৰি আনিলে। যাৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ অন্ত নাইকিয়া হ’ল। অতিবৃষ্টি অনাবৃষ্টি, খৰাং, বানপানী, গৰাখহনীয়া, ধুমুহা শিলাবৃষ্টি, বিজুলী বজ্ৰপাত, প্ৰখৰ ৰ’দ, উৎকট গৰ্ম, অতিপাত ঠাণ্ডা — এয়া প্ৰকৃতিৰ খেয়াল। বজ্ৰপাতত পথাৰতে বহু হালোৱা-ৰোৱনীয়ে মৃত্যুক সাৱটিব লাগিছে। বানপানীত অজস্ৰ ধন-জনৰ হানি হৈছে। প্ৰতিবছৰে বানপানীত হেজাৰ-লাখ বিঘা খেতিমাটি বালিত পোত গৈ মৰুভূমি সদৃশ হ’ল । গৰাখহনীয়াত মানুহৰ ঘৰ-দুৱাৰ, কৃষিভূমি, নদীত জাহ যাব লাগিছে। নানা বেমাৰ আজাৰ— মেলেৰীয়া, এনকেফেলাইটিচ, ডেংগু এইবোৰ প্রাত্যহিক ঘটনা আছেই। বনাঞ্চল ধ্বংসৰ ফলত বিচৰণভূমি আৰু খাদ্যৰ অভাৱত মানুহৰ খেতি পথাৰত হাতী-বান্দৰৰ উপদ্ৰৱ এক অভাৱনীয় সমস্যা। হাতীয়ে খেতি পথাৰৰ শস্য নষ্ট কৰাৰ উপৰি মানুহৰ ঘৰ-দুৱাৰ ভাঙি বহুতৰ প্ৰাণ কাঢ়ি নিছে। ভূতৰ ওপৰত দানহৰ দৰে খেতি পথাৰত শুঁৰপোকৰ আক্ৰমণ আৰু কীট- পতঙ্গ, চৰাই-চিৰিকটি, বেমাৰ-আজাৰ এইবোৰ আছেই। এইদৰেই মানুহৰ কৃষি কার্যত নানা বাধা-বিঘিনি আহি পৰিল। কৃষক আজি নানা সমস্যাৰে জৰ্জৰিত । আকৌ হালৰ গৰু-ম’হ, ট্ৰেক্টৰ, সাৰ, কীটনাশক দ্ৰব্য আদিৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিত ইচ্ছুক খেতিয়কেও কৃষি কাৰ্যৰ প্ৰতি আগবাঢ়িব নোখোজে। শস্যৰ উৎপাদনৰ তুলনাত খৰচ বাঢ়ি কেৰেলাতকৈ গুটি দীঘল হয়। উৎপাদিত শস্যৰ উচিত মূল্যৰ পৰা কৃষক বঞ্চিত। খেতিয়ক, মধ্যভোগী দালালৰ চেঁপাত কোঙা হয়। শাক পাচলি, ফল-মূল সংৰক্ষণৰ বাবে শীতলীকৰণ ভঁৰালৰ অভাৱত খেতিয়কৰ বহু শস্য, ফল-মূল নষ্ট হয়। খেতিপথাৰত জলসিঞ্চনৰ অভাৱত আজিও কৃষক ৰাইজ বৰুণ দেৱতাৰ ওপৰতে ভৰসা। অন্যহাতে আজি সমাজত জন্মা একাংশ ৰঘুমলা স্বৰূপ দুর্নীতিকাৰীয়ে অনায়াসে ধন-সম্পত্তি আহৰণ কৰি সিহঁতৰ ভোগ-বিলাস দেখি বাকী একাংশই বিনা কষ্টে, বিনা শ্রমে উৰি ফুৰা সহজলভ্য ধনৰ পিছত দৌৰি খেতিপথাৰ, শাৰীৰিক শ্ৰম এৰি ফাঁকি-ফুকা, ছল- চাতুৰী, চুৰি ডকাইতি আদি দুষ্কৰ্মত নামি ধন আহৰণত লাগিল। সমাজখন দুৰ্নীতি অপকৰ্মৰে ছানি ধৰিলে। এনে অৱস্থাত আজি আদর্শভ্রষ্ট একাংশ নৱ প্ৰজন্মৰ মাজত চিন্তাশূন্য কর্মবিমুখী, কর্ম-সংস্কৃতিহীন উচ্ছৃঙ্খলতাই গা কৰি উঠিল। সমাজখনত আন এক সমস্যাৰ উদ্ভৱ হ’ল৷ দেশৰ সাধাৰণ জনতা আৰু কৃষক ৰাইজৰ এই সমস্যাবোৰ আন্তৰিকতাৰে দীর্ঘম্যাদী হ্রস্বম্যাদী সুচিন্তিত আঁচনিৰে উপায়-উদ্ভাৱন কৰি সমাধান কৰাত ৰজাঘৰীয়া আজি সম্পূৰ্ণৰূপে ব্যৰ্থ । এনেবোৰ কাৰণতে আজি খেতিয়ক আৰু কৃষিকৰ্মত জড়িতসকলৰ বাবে নানা সমস্যাই দেখা দি খেতিয়কৰ বিলাই বিপত্তিৰ অন্ত নোহোৱা হৈছে। গাঁৱৰ খেতিপথাৰ আজি উদং আৰু উচ্ছন্ন হোৱাৰ উপক্ৰম হ’ল৷ গাঁৱত কৃষিকর্ম নাথাকিলে, কর্মসংস্কৃতিৰ অভাৱ হ’লে আঘোণৰ পথাৰলৈ লখিমী জানো আহিব? গতিকে খেতিয়কৰ আঘোণৰ পথাৰৰ প্ৰাণচঞ্চলা আঘোণী, জীৱন্ত আঘোণী, হেঁপাহৰ আঘোণী আজি জীৰ্ণ-শীৰ্ণ আৰু অতীত হোৱাৰ দিশে ধাৱমান ।
- দীপক কুৰ্মী
- ফোনঃ ৯৮৫৪৬৬৭১৪৬৷