নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুন্দিত গৰুৰ গাড়ীত উঠি ভাৰত জোড়ো যাত্রাত ৰাহুল

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : ৰাজস্থানৰ বুন্দিৰ পৰাই আজি ৰাহুল গান্ধীয়ে ‘ভাৰত জোড়ো’ যাত্রা আৰম্ভ কৰে৷ গৰুৰ গাড়ীত উঠি ভাৰত জোড়ো যাত্রা আগবঢ়াই নিয়া ৰাহুল গান্ধীক আজি সংগ দিয়ে দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তেওঁৰ ভগ্ণী প্রিয়ংকা গান্ধী ভদ্রাই৷ প্রিয়ংকাৰ সৈতে তেওঁৰ স্বামী ৰর্বাটো ভদ্রা আৰু সন্তানো এই যাত্রাত অংশগ্রহণ কৰে৷ যোৱা ৫ ডিচেম্বৰত ৰাজস্থানত প্রৱেশ কৰা ভাৰত জোড়ো যাত্রাৰ ৯৫সংখ্যক দিনটোত ৰাহুল গান্ধীয়ে কটখুর্দ গাঁৱৰ পৰা দেইখেদা গাঁৱলৈ গৰুৰ গাড়ীৰে যাত্রা কৰে৷ মন কৰিবলগীয়া যে ৰাহুল গান্ধীয়ে পদযাত্রাৰে আগবাঢ়ি গৈ থাকোঁতে কৃষকৰ দল এটাই গৰু গাড়ীৰে আহি থকা দেখি ৰাহুল গান্ধীও এই গৰুৰ গাড়ীত উঠি কৃষকৰ সৈতে বার্তালাপ কৰে৷ কৃষকৰ অভাৱ–ভিযোগৰো বুজ লয় ৰাহুল গান্ধীয়ে৷ উল্লেখ্য যে যোৱা ৭ ছেপ্ঢেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্রাই তামিলনাডু, কেৰালা, অন্ধ্রপ্রদেশ, কর্ণাটকা, তেলেংগানা, মহাৰাষ্ট্র, মধ্যপ্রদেশ অতিক্রমি ৰাজস্থানত চলি আছে৷ ২০২৩ চনৰ ফেব্রুৱাৰীত এই যাত্রা জম্মু–কাশ্মীৰত সামৰণি পৰিব৷

You might also like