নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ত ‘কা’ সন্দৰ্ভত মহাসংঘৰ গোচৰক মুখ্য গোচৰ হিচাপে ঘোষণা: ১০ জানুৱাৰীত পৰৱৰ্তী শুনানি

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : আজি ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশৰ ১ নং কৰ্টত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মূৰাৰী, ন্যায়াধীশ হীমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিমহাৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে মহাসংঘৰ মতিউৰ ৰহমান আৰু গোবিন্দ বসুমতাৰীৰ ৫৬২/২০১২ নং গোচৰটো মুখ্য গোচৰ ৰূপে শুনানী গ্ৰহণ কৰিব বুলি সকলোৰে সন্মতি সাপেক্ষে সিদ্ধান্ত লয়। লগতে মহাসংঘৰ গোচৰৰ সৈতে আহোম সভাৰ জ্ঞানানন্দ ফুকনৰ ৮৭৬/২০১৪, অসম আন্দোলনৰ ছহীদ ৰূপক নাথৰ ককায়েক দিপক নাথৰ ৩১১/২০১৫ আৰু শিক্ষাবিদ প্ৰনৱ কুমাৰ মজুমদাৰৰ ৬৮/২০১৬ নং গোচৰ কেইটাৰো শুনানি গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে । আজিৰ শুনানিত ছুপ্ৰিম কৰ্টত মহাসংঘৰ অধিবক্তা মনীষ গোস্বামী আৰু আন গোচৰ কেইটাৰ অধিবক্তা সমীৰণ শৰ্মা উপস্থিত আছিল আৰু মনীষ গোস্বামীয়ে যুক্তি প্ৰদৰ্শন কৰিছিল । কোনো পক্ষৰ পৰা ছুপ্ৰিম কৰ্টত কিবা দিবলগীয়া তথ্য পাতি থাকিলে ১০ জানুৱাৰীৰ ভিতৰত দিবলৈকো নিৰ্দেশ জাৰি কৰি পৰবৰ্তী শুনানিৰ তাৰিখ ১০ জানুৱাৰী নিৰ্ধাৰণ কৰে ।

উল্লেখযোগ্য যে সদৌ অসম আহোম সভা আৰু আন গোচৰীয়াসকলে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানক উক্ত চাৰিটা গোচৰ পৰিচালনা কৰাৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে । আজি নতুন দিল্লীত ছুপ্ৰিম কৰ্টৰ চৌহদত সংবাদ প্ৰতিষ্ঠানসমূহক মহাসংঘৰ মহা সচিব পূৰ্ণানন্দ ৰাভাক লগত লৈ কাৰ্যকৰী সভাপতি তথা প্ৰধান গোচৰীয়া মতিউৰ ৰহমানে কয় যে দেশৰ সংবিধানক সন্মান জনাই সাংবিধানিক বিচাৰপীঠে বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ ঘোষণা কৰিবলৈ দায়বদ্ধ । লগতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ(২০০৭) অসমত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিব বুলিও ৰহমানে দৃঢ়তাৰে কয় । অতি পৰিতাপৰ কথা যে অসম সাহিত্য সভা আৰু অসম গণ পৰিষদেও সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ১৯৭১ চনৰ ২৪ মাৰ্চলৈ পূৱ পাকিস্তানী বাঙালী হিন্দু-মুছলমান আৰু নেপালী বিদেশীক অসমত ৰখাৰ পক্ষত থিয় দি ছুপ্ৰিম কৰ্টত মহাসংঘৰ বিৰোধীতা কৰিছে বুলি মতিউৰ ৰহমান আৰু পূৰ্ণানন্দ ৰাভাই সংবাদ প্ৰতিষ্ঠানৰ আগত প্ৰকাশ কৰে ।

You might also like