নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়া লিমিটেডত ৩৫ পদ

অইল ইণ্ডিয়া লিমিটেড(Oil India Limited)ত Persons with Benchmark Disability (PwBD) প্রার্থীৰ বাবে মুকলি হৈছে ৩৫ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অইল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে AEL 12022 (2), AFI 12022 (8), AME 12022 (2), AOB 12022 (3), ATC 12022 (2), ATI 12022 (4), ATS 12022 (2), AIT 12022 (2), CHE 12022 (4), CIV 12022 (1), ELE 12022 (1), ETC 12022/INS 12022 (3), MEC 12022 (1)৷ নিযুক্তিপ্রাপ্তই মাহে ২৬,৬০০–৯০,০০০ টকা লাভ কৰিব৷ ২৬ ডিচেম্বৰ, ২০২২লৈ সাধাৰণ শ্রেণীৰ প্রার্থীৰ বয়স ১৮–৪০ বছৰ, এছ চি আৰু এছ টি শ্রেণীৰ প্রার্থীৰ বয়স ১৮–৪৫ বছৰ, অ’বিচি শ্রেণীৰ প্রার্থীৰ বয়স ১৮–৪৩ বছৰ৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, দৰমহাৰ নিৰিখকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইট https://www.oil-india.com/Current openNew.aspx, www.oil-india.com লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ ডিচেম্বৰ, ২০২২৷

You might also like