নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভমন গিলৰ নেতৃত্বত শ্ৰীলংকা ভ্ৰমণলৈ ভাৰতীয় টেষ্ট দল ঘোষণা

ডিজিটেল ডেস্ক, ২৮ জুলাই : আঘাতৰ সমস্যাৰে জৰ্জৰিত ভাৰতীয় ক্ৰিকেট দলে অহা আগষ্ট মাহত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দুখনীয়া টেষ্ট শৃংখলাত। এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১৫ জনীয়া দল ঘোষণা কৰিছে। আঘাতৰ বাবে দলত স্থান পোৱা নাই নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাই। আনহাতে, পেচাৰ যশপ্ৰীত বুমৰাহৰ খেলাক লৈও সৃষ্টি হৈছে অনিশ্চয়তা। অৱশ্যে, আঘাতৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰি টেষ্ট দললৈ প্ৰত্যাৱৰ্তন কৰিছে অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ পথ সুগম কৰিবলৈ ভাৰতৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে দুয়োখন টেষ্টতে জয়লাভ কৰাটো অত্যন্ত জৰুৰী। কিন্তু এনে সময়তে মুখ্য পেচাৰ বুমৰাহৰ অনিশ্চয়তাই চিন্তাত পেলাইছে দলক। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়া মেচত খেলাৰ পিছত তৃতীয়খন মেচত অবতীৰ্ণ হোৱা নাছিল বুমৰাহ। শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে বেংগালুৰুৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত ফিটনেছ টেষ্ট দিব লাগিব তাৰকা পেচাৰগৰাকীয়ে। তাত ফিট প্ৰমাণিত হ’লেহে তেওঁ শৃংখলাটোত অংশ ল’ব পাৰিব। একে চৰ্ত প্ৰযোজ্য হ’ব বাঁওহতীয়া বেটাৰ সাই সুদর্শনৰ ক্ষেত্ৰতো।

ইফালে, প্ৰথমখন টেষ্টত উপলব্ধ নহ’ব অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। দ্বিতীয়খন টেষ্টৰ পৰাহে তেওঁক পোৱা যাব। ৱাশ্বিংটনৰ অনুপস্থিতিৰ বাবেই মূলতঃ আই পি এলত আঘাতপ্ৰাপ্ত হোৱা জাদেজাক পুনৰ দললৈ আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰীলংকাৰ স্পিন-সহায়ক উইকেটৰ কথা মনত ৰাখি দলত জাদেজাৰ উপৰি কুলদীপ যাদৱ, মানৱ সুথাৰ আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৮১টা উইকেট দখল কৰা মধ্যপ্ৰদেশৰ স্পিনাৰ সাৰাংশ জৈনক অন্তৰ্ভুক্ত কৰা হৈছে।

শুভমন গিলৰ নেতৃত্বত শ্ৰীলংকালৈ যাবলগীয়া ভাৰতীয় দলটোৰ উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে কে এল ৰাহুলক। বেটিং বিভাগত বিশেষ সালসলনি কৰা হোৱা নাই। শৃংখলাটোত যশস্বী জয়ছোৱালে অ’পেনিং কৰাৰ বিপৰীতে উইকেটকীপাৰ-বেটাৰ হিচাপে ঋষভ পণ্ট আৰু ধ্ৰুৱ জুৰেল দলত আছে। মধ্যমক্ৰমৰ বাবে দেৱদত্ত পাড়িকালকো দলত ৰখা হৈছে। বুমৰাহৰ অনিশ্চয়তাৰ বাবে পেচ আক্ৰমণৰ দায়িত্ব থাকিব মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু পঞ্জাবৰ উদীয়মান পেচাৰ গুৰনুৰ ব্ৰাৰৰ ওপৰত। অৱশ্যে সম্পূৰ্ণ সুস্থ হৈ উঠিব নোৱাৰাৰ বাবে স্থান নাপালে আকাশদীপে।

১৫ আগষ্টৰ পৰা গালেত আৰম্ভ হ’ব প্ৰথমখন টেষ্ট আৰু ২৩ আগষ্টৰ পৰা কলম্বোত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট। মূল টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ৭ আগষ্টৰ পৰা ভাৰতীয় দলে এখন চাৰিদিনীয়া প্ৰস্তুতি মেচতো অংশগ্ৰহণ কৰিব।

শ্ৰীলংকাৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় টেষ্ট দল : শুভমন গিল (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, ঋষভ পণ্ট (উইকেটকীপাৰ), সাই সুদর্শন*, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, মানৱ সুথাৰ, যশপ্ৰীত বুমৰাহ*, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, গুৰনুৰ ব্ৰাৰ, দেৱদত্ত পাড়িকাল, সাৰাংশ জৈন।

You might also like