নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“গেং অৱ ডেভিলচ” গেংটোৰ পৰা জব্দ কৰা ৩খন মটৰ চাইকেল ভষ্মীভূত

  • বিলাসীপাৰাৰ “গেং অৱ ডেভিলচ” ৰ মুল অভিযুক্ত গ্ৰেপ্তাৰ।
  • মূল অভিযুক্তকে ধৰি মুঠ ন জনক গ্ৰেপ্তাৰ।
  • দুজন মহিলাকো গ্ৰেপ্তাৰ।

নিয়মীয়া বাৰ্তা,  ১৪ ডিচেম্বৰ:-বিলাসীপাৰাৰ “গেং অৱ ডেভিলচ” কাণ্ডৰ মূল অভিযুক্ত তিনিজনক আৰক্ষীয়ে যোৱা নিশা আটক কৰি আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ভাৰত বাংলাদেশ সীমান্তৰ হালাকুৰাৰ পৰা সামাজিক মাধ্যমত ভিডিঅ ভাইৰেল কৰা আখিৰুল ইছলামক আটক কৰে আৰক্ষীয়ে ।

আনহাতে গেঙটোৰ আন জন উদণ্ড সদস্য তথা বাইকেৰে খুন্দিয়াই বৃদ্ধাগৰাকীক নিহত কৰা মিনহাজুল কৰিমক গৌৰীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে । তাৰোপৰি গেংটোৰ সৈতে জড়িত থকা আৰু মুল অভিযুক্তক আত্মগোপন কৰাত সহায় কৰাৰ অভিযোগত আন ৬ জনকো আটক কৰে আৰক্ষীয়ে ।বিলাসীপাৰা আৰক্ষীয়ে মুঠ ৯ জনক গ্ৰেপ্তাৰ কৰি ধৃত অভিযুক্ত কেইজনক বিলাসীপাৰা মহকুমা আদালতত হাজিৰ কৰোৱায় । ইয়াৰে দুগৰাকী মহিলাও আছে। মহিলা দুগৰাকী ক্ৰমে আয়শা বিবি, (মিনহাজুল কৰিমৰ মাতৃ)আৰু জেচমিনা চুলতানা (মিনহাজুল কৰিমৰ ভগ্নী)। উল্লেখ্য যে, যোৱা শনিবাৰে মিনহাজুল কৰিমে বাইক ষ্টেণ্ট কৰি তীব্ৰ বেগত চলোৱা বাইক খুন্দাত ছকিনা বেওঁৱা (৬৯)ৰ তিথাতে মৃত্যু হৈছিল। পিছত গেংটোৱে ছচিয়েল মাধ্যমত ভিডিও আপলোড কৰি বিকৃত মানসিকতাৰ পৰিচয় দাঙি ধৰিছিল।

ইফালে আজি বিলাসীপাৰাৰ গেং অৱ ডেভিলচ কাণ্ডৰ লয় নতুন মোৰ। গেং অৱ ডেভিলচ গ্ৰুপৰ ম’ষ্ট ৱাণ্টেড আখিৰুল ইছলাম আৰু মিনহাজুল কৰিমে ব্যবহাৰ কৰা বাইক তিনি খনত পুৱতি নিশা অগ্নি সংযোগ কৰে দুবৃত্তই । ফলত বাইক তিনিখন ভষ্মিভূত হয়। জ্বলাই দিয়া বাইক তিনিটাৰ নম্বৰ হৈছে- AS.19H1555, AS.17M.4525 আৰু AS.17M1101. আনহাতে এই সমগ্ৰ বিষয়টোক লৈ বিলাসীপাৰা আৰক্ষী নিবেশৰ অ. চি. সঞ্জীৱ দাসক তাৎক্ষণিকভাবে গুৱাহাটীলৈ বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে।

বিলাসীপাৰাৰ পৰা সমৰেশ শীল শৰ্মা, নিয়মীয়া বাৰ্তা।

You might also like