চাংসাৰিৰ আঠিয়াবৈত ন-খোৱা উৎসৱত ৰিণিকি ভূঞা শৰ্মা
- আকাংক্ষা কৃষি গোটৰ খেতিপথাৰত অালুৰ বীজ ৰোপণৰ লগতে ৰবাব টেঙাৰ জুতি লৈ নষ্টালজিক ৰিণিকি ভূঞা শৰ্মা
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ চাংসাৰিৰ আঠিয়াবৈত ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ সহযোগত আকাংক্ষা কৃষি গোটে আজি উলহ-মালহেৰে উদযাপন কৰা ন-খোৱা উৎসৱত অংশ গ্ৰহণ কৰে প্ৰাইড ইষ্ট এন্টাৰটেনমেন্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা তথা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা , কমলপুৰৰ বিধায়ক দিগন্ত কলিতা সহ কৃষক মৰ্চাৰ একাধিক বিষয়-ববীয়া তথা দলীয় কৰ্মীয়ে। অসমীয়াৰ পৰম্পৰাগত কৃষি সংস্কৃতিৰ ধ্বজা কৃষকসকলৰ এই ন-খোৱা উৎসৱ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই ৰিণিকি ভূঞা শৰ্মাই নিজকে গৌৰৱান্বিত হোৱা বুলি সদৰী কৰে । ৰিণিকি ভূঞা শৰ্মাই খেতিপথাৰ পৰিদৰ্শন কৰাৰ লগতে আলুৰ বীজো ৰোপণ কৰা পৰিলক্ষিত হয় । ইপিনে খেতিপথাৰত মহিলা সকলৰ লগত ৰবাব টেঙাৰ সোৱাদ লৈ নষ্টালজিক হৈ পৰাৰ অনুভৱ ব্যক্ত কৰি ৰিণিকি ভূঞা শৰ্মাই কয় যে অামাৰ ৰাজ্যখন কৃষি প্ৰধান হেতুকে কৃষকসকলকলৈ আমি সদায় গৌৰৱান্বিত হও । এখন ৰাজ্য উন্নয়নৰ ক্ষেত্ৰত কৃষক সকলৰ অৱদান অপৰিসীম । দ্বিতীয়তে অসমখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠতম ৰাজ্য গঢ়াৰ মুখ্যমন্ত্ৰীৰ যি সপোন তাত কৃষক সকলৰ অৱদান সদায় অতুলনীয় । তেও আকাংক্ষা কৃষি গোটৰ প্ৰচেষ্টাক শলাগ লৈ নৱ প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায় । তদুপৰি জালুকবাৰীত শেহতীয়াকৈ সূচনা হোৱা কৃষি বিপ্লৱে যাতে ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিস্তাৰিত হৈ পৰে তাৰপ্ৰতিও আশা প্ৰকাশ কৰে । তেও কৃষকলৈ স্প্ৰে মেচিনো প্ৰদান কৰে । ইয়াৰোপৰি ৰিণিকি ভূঞা শৰ্মাই নৰাত বহি সকলোৰে লগত হেপাহৰ এসাঁজেৰে ন-খোৱাৰ মাদকতা গ্ৰহণ কৰে । অনুষ্ঠানত ভবেশ কলিতাই কৃষক সকলক সদায় সন্মান দিয়াৰ প্ৰসংগ টানি কেতবোৰ কৃষিভিত্তিক বিশ্লেষণ দাঙি ধৰে । বিধায়ক দিগন্ত কলিতাও শুভেচ্ছামুলক ভাষণ আগবঢ়ায় । বিজেপি কিষাণ মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যই কয় যে আত্মনিৰ্ভৰশীল অসমত এতিয়া জালুকবাৰীৰ পৰাই আৰম্ভ হৈছে কৃষি বিপ্লৱৰ । সমষ্টিটোৰ বহু যুৱকে সম্প্ৰতি খেতি পথাৰত নমা পৰিলক্ষিত হৈছে । শ শ বিঘা ভূমিত এতিয়া সেউজীয়া ধৰণীৰে দৃষ্টিনন্দন হৈ পৰিছে আলু, সৰিয়হকে ধৰি কেতবোৰ শাক-পাচলিৰ খেতিৰে । চৌদিশে বিৰাজমান কেবল কৃষক ৰাইজৰ চহা সপোন । এই সপোনত অন্তৰ্নিহিত হৈ আছে স্বনিৰ্ভৰশীলতাৰ দাপোণ । লক্ষণীয় কথাটো হল ফচল উৎপাদনত ব্যৱহাৰ কৰা হোৱা নাই কোনো কীট নাশক দৰৱ । সম্পূৰ্ণ গৰুৰ গোবৰ তথা জৈৱিক পদ্ধতিৰ জৰিয়তে কৰা হৈছে এই কৃষি কাৰ্য । অনুষ্ঠানত কৃষক মৰ্চাৰ সভাপতি দেৱজিৎ বৰা,সাধাৰণ সম্পাদক নিবাৰণ লহকৰকে ধৰি বহু কেইজন দলীয় নেতা কৰ্মী উপস্থিত থাকে । উল্লেখ্য যে ৰঞ্জিত ভট্টাচাৰ্যৰ-পৰামৰ্শ আৰু মনোবলতে সমষ্টিটোৰ চাংসাৰিৰ আঠিয়াবৈ ‘আকাংক্ষা কৃষি গোট’ নামৰ সংস্থাটোৰ যুৱক সকলে বিগত বছৰৰ পৰা কৃষি বিপ্লৱৰ সূচনাত অগ্ৰসৰ হৈছে । ভট্টাচাৰ্য ই পানী মেচিনকে ধৰি কেতবোৰ কৃষি সামগ্ৰী যোগানেৰে উৎসাহিত কৰিছে যুৱক সকলক। ইতিমধ্যে যোৱাবেলি সৰিসহ ,আলু , বৰোধানৰ লগতে ৰবি শষ্যৰ খেতি কৰি অঞ্চলটোৰ কৃষিখণ্ডত এক অনুকৰণীয় ৰূপান্তৰ আনি দিছিল আকাংক্ষা গোটে । এইবাৰো ব্যতিক্ৰম নহয় । আনকি ৰঞ্জিত ভট্টাচাৰ্যৰ সহযোগিতা তথা সাৰথি মনত পূৰ্বতকৈ দুগুন উৎসাৰে যুৱক সকল কৃষি কৰ্মত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে । প্ৰায় এশ বিঘা ভূমিত সৰিসহ , আলুৰ লগতে শাক-পাচলিৰ খেতি আৰম্ভ কৰিছে । ইতিমধ্যে জৈৱিক সাৰ প্ৰয়োগৰ উৎপাদিত কিছু শাক-পাচলি সমষ্টিৰ জনপ্ৰতিনিধি তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰদান কৰিছিল আৰু আকাংক্ষা কৃষি গোটৰ পাচলিৰ উপহাৰ লাভ কৰি স্বাভাৱিকতে অভিভূত হৈছিল মুখ্যমন্ত্ৰী । প্ৰেৰক। অনুভৱ কুমাৰ, চাংসাৰি