নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিন্দিতা-প্লাৱিতা ৰাজ্যিক প্ৰতিযোগিতালৈ নিৰ্বাচিত : যোৰহাট জিলা আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰঃ যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ উদ্যোগত যোৰহাট দহোটীয়াৰ পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ত আজি যোৰহাট জিলা আন্তঃজাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জিত বৰাৰ পৌৰহিত্যত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় ২০খন জাতীয় বিদ্যালয়ৰ ৪০ গৰাকী প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ‘ছাত্ৰ – ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ মাধ্যম অন্তৰায় নহয়’- শীৰ্ষক বিষয়ৰ আকৰ্ষণীয় প্ৰতিযোগিতাখনত অধ্যক্ষৰ দায়িত্বত থাকে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বলিন হাজৰিকা। আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ডেভিদ হাজৰিকা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অতিথি অধ্যাপক তথা এক্সিলিয়েৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ বিষয় শিক্ষক কল্যাণজ্যোতি কলিতাই প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰে। প্ৰতিযোগিতাখনত যোৰহাট জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে তেওঁলোকে সাৰুৱা বক্তব্যৰে ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই যোৱা বাবে সাহস দিয়ে। যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ সম্পাদক সৌৰভ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত।উপ সভাপতি ৰঞ্জিত গোঁ‌হাঞিবৰুৱা, কাৰ্য্যনিৰ্বাহক পূৰ্ণানন্দ বৰা, বিদ্যালয়খনৰ অধ্যক্ষ তপন চন্দ্ৰ গগৈ, উপদেষ্টা- সাংস্কৃতিক কৰ্মী, শিল্পী গৌৰী শংকৰ ভূঞা আদি উপস্থিত থাকে। প্ৰতিযোগিতাখনত দুগৰাকী শ্ৰেষ্ঠ তাৰ্কিক আৰু এগৰাকী বিচাৰকৰ বিশেষ তাৰ্কিক নিৰ্বাচন কৰা হয়। দহোটীয়াৰ পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ দুই প্ৰতিযোগী অনিন্দিতা বৰা আৰু প্লাৱিতা শইকীয়াই ক্ৰমে প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰাৰ লগতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া তৰ্ক প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়। আনহাতে, প্ৰতিযোগিতাখনত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে লিচুবাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী তৃৃষ্ণা নাথে। অংশ গ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীকে একোখনকৈ মানপত্ৰ আৰু কলম প্ৰদান কৰাৰ বিপৰীতে প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক মানপত্ৰ, নগদ ধন আৰু গ্ৰন্থ প্ৰদান কৰা হয়। বিচাৰকৰ বিশেষ বঁটা বিজয়ীলৈ মানপত্ৰ আৰু গ্ৰন্থ প্ৰদান কৰা হয়। স্মৰ্তব্য যে অহা ৩ জানুৱাৰী ২০২৩ ত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ দ্বাৰা আয়োজিত কেন্দ্ৰীয় জাতীয় বিদ্যালয় তৰ্ক প্ৰতিযোগিতাত আজিৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক দুগৰাকী য়ে অংশগ্ৰহণ কৰিব। আজিৰ এই প্ৰতিযোগিতাৰ সফলতাই যোৰহাট জিলাৰ সকলো জাতীয় বিদ্যালয় আৰু অধিক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি উপস্থিত থকা বিশিষ্ট অতিথিসকলে মত পোষণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like