নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ কলগাছিয়াৰ যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : পেটৰ তাড়নাত কাম কৰিবলৈ গৈ কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱৰ ছফিয়ান (২২) নামৰ এজন যুৱকৰ দিল্লীৰ গুৰগোমাত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয়। ভঙা-ছিঙা ফেৰি কৰিছিল যুৱকজন। চাৰি দিন পূৰ্বে মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ আজি নিজ গৃহত উপস্থিত হয়। মৃতদেহ আহি পোৱাৰ পাছত ঘৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। আজিৰ পৰা মাত্ৰ ৭ দিন পূৰ্বে শ্ৰমিকজনৰ এটি পুত্ৰ সন্তান জন্ম হয় বুলি জানিব পৰা গৈছে। দুখীয়া পৰিয়াল পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like