নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্য ভিতৰতে ধলাই আৰক্ষী থানাই ৰেকৰ্ড সৃষ্টি কৰিছে । ধলাই আৰক্ষীয়ে অভিযান চলাই ১৭৫ কোটি টকাৰ অৰ্থাৎ ৬ লাখ ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি শনিবাৰে নিশা কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাটোৰ নেতৃত্বত ধলাই আৰক্ষীয়ে এই অভিযান চলায়। মিজোৰাম দিশৰ পৰা আহি থকা এএছ১১ ডিচি ৮১৮৪ নম্বৰৰ ট্ৰাকখনত আৰক্ষীয়ে অভিযান চলায়। ট্ৰাকখনত এটা গোপন চেম্বাৰ বনাই বৃহৎ পৰিমানৰ টেবলেটখিনি ৬২ টা পেকেটত চোৰাংভাৱে অনা হৈছিল। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীসকলে এই টেবলেটসমূহ ম্যানমাৰৰ পৰা মিজোৰাম হৈ মণিপুৰলৈ সৰবৰাহৰ চেষ্টা চলাইছিল। কিন্তু তেওঁলোকৰ পৰিকল্পনা আৰক্ষীয়ে বিফল কৰি পেলালে। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি গাড়ীখন আটক কৰে। প্ৰথমতে কোনো ধৰণৰ টেবলেট পোৱা নাছিল যদিও শেষত ইলেক্ট্ৰনিক কাটাৰেৰে ট্ৰাক খনৰ বডি কাটি বৃহৎ পৰিমাণৰ টেবলেট উদ্ধাৰ কৰে। একে সময়তে কাছাৰ আৰক্ষীয়ে মণিপুৰৰ এগৰাকী কলেজীয়া ছাত্ৰকে ধৰি তিনিজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। এই বৃহৎ পৰিমাণৰ টেবলেট জব্দ কৰাটো কাছাৰ আৰক্ষীৰ বাবে এক বৃহৎ সফলতা বুলি দাবী কৰিছে কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাটোৱে। ইপিনে কাছাৰ আৰক্ষীয়ে বিপুল পৰিমাণৰ নিচা জাতীয় ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই টুইট কৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ