মিষ্টাৰ আছাম-২০২২ খিতাপ অৰ্জন কুশজ্যোতি গগৈৰ
নিয়মীয়া বাৰ্তা, ১৯ডিচেম্বৰ: গুৱাহাটীৰ দিশপুৰৰ গোপাল বঢ়ো স্কুলৰ প্ৰাংগনত ’অসম বডি বিল্ডিং আৰু ফিটনেষ্ট সন্থা’ৰ সোণালী জয়ন্তী বৰ্ষৰ ১৬-১৮ ডিছেম্বৰলৈ আয়োজন হোৱা প্ৰতিযোগিতাত কুশজ্যোতি গগৈয়ে এথেলিক্চ ফিজিক্সত (overall) ’’মিষ্টাৰ আচাম-২০২২“ খিতাপ অৰ্জন কৰে৷
অসম আৰক্ষী কৰ্মৰত ১২ নং এপি বি এন বিশ্বনাথ চাৰিআলিৰ পৰা শৰীৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা কুশজ্যোতি গগৈৰ ধেমাজী কোৱা ফলা গাঁৱৰ স্বৰ্গীয় মানিক গগৈ আৰু চেনীমাই গগৈৰ তৃতীয় পুত্ৰ৷ ইতিমধ্যে ২৮ বছৰীয়া কুশজ্যোতি গগৈয়ে ৰাষ্ট্ৰীয় পৰ্যয়ত বিগত বৰ্ষত কেবাটাও সন্মান পাবলৈ সক্ষম হৈছে৷ আৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত কৰ্মৰত গগৈয়ে শৰীৰ চৰ্চা কৰি ভৱিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পয্যায়ত খীতাপ অৰ্জন কৰিবলৈ আশা কৰিছে৷ ইয়াৰ উপৰি ধেমাজিলৈ ’মিষ্টাৰ আচাম ২০২২“ গৌৰৱ কঢ়িয়াই অনাৰ বাবে উৎসাহিত হৈ পৰিছে স্থানীয় ৰাইজে৷