নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰু ভায়েকে গুলীয়ালে ককায়েকক…

নিয়মীয়া বাৰ্তা, ১৯ডিচেম্বৰ: বেংগালুৰুত বন্দুক লৈ খেলি থকা অৱস্থাত গুলীবিদ্ধ হৈ এটা সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু। শনিবাৰে বিয়লি ৰামনগৰ জিলাৰ কনকাপুৰা তালুকৰ কাদুশীৱনহল্লী গাঁৱত সংঘটিত হয় এই ঘটনা। মৃত শিশুটি উত্তৰ প্ৰদেশৰ চণ্ডাউলী জিলাৰ নিবাসী আমিনুল্লাহৰ পুত্ৰ ছাম্বিন বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, আমিনুল্লাই ফাৰ্মত শ্ৰমিক হিচাপে কাম কৰে আৰু তেওঁৰ ছটা সন্তান আছে। ডাঙৰ ভাতৃক গুলীয়াই হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে কনিষ্ঠ ভাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইয়াৰ উপৰিও আৰক্ষীয়ে অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগত অস্ত্ৰ আইনৰ অধীনত আমিনুল্লাহৰ মালিক মল্লেছকো গ্ৰেপ্তাৰ কৰিছে।

You might also like