নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সন্দৰ্ভত কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ: ২০২৩ বৰ্ষৰ পৰা অসমৰ শিক্ষানুষ্ঠান সমূহত প্ৰযোজ্য হবলগীয়া ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ কাৰ্যক্ৰমণিকা তথা নীতি নিৰ্দেশনা সন্দৰ্ভত শিক্ষানুষ্ঠান সমূহৰ শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা সকলৰ কৰ্মদক্ষতা বৃদ্ধিৰ কৰি তোলাৰ উদ্দেশ্যেৰে কালি নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক এক এদিনীয়া কৰ্মশালাৰ। সমগ্র অসমতে পোন প্ৰথম বাৰৰ বাবে নাহৰকটীয়া বিধান সভা সমষ্টিৰ শিক্ষানুষ্ঠানৰ লগতে চৰাইদেউ জিলাৰ মহাবিদ্যালয় সমূহক লৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ লক্ষ্য, উদ্দেশ্য আৰু বাস্তৱায়নৰ ক্ষেত্ৰত সমষ্টিটোৰ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে কাষৰীয়া অঞ্চলৰ মহাবিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলক উপকৃত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ আয়োজন কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষে। মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাসে আঁত ধৰা আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তুলসী মহন্তই বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভ কৰা এই কৰ্মশালাৰ আদৰণি বক্তব্য প্ৰদান কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অসম যুৱ আয়োগৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক তৰঙ্গ গগৈয়ে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক উপযুক্ত শিক্ষা প্ৰদানেৰে সমাজৰ বিকাশ যাত্ৰাত অংশীদাৰ হিচাপে গঢ় দিয়াৰ হেতু আয়োজিত এই কৰ্মশালাই শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০, লক্ষ্য আৰু উদ্দেশ্য শীৰ্ষক প্ৰথম অধিৱেশনত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক (শৈক্ষিক) ডঃ বিনোদ চন্দ্ৰ বড়াই তথ্য সমৃদ্ধ বক্তব্যৰে সকলোকে উপকৃত কৰি তোলাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। ইয়াৰ পিছতে “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ বাস্তৱায়নৰ বাবে আমাৰ প্ৰস্তুতি” শীৰ্ষক দ্বিতীয় অধিৱেশনত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে শিক্ষানুষ্ঠানসমূহৰ শিক্ষাগুৰু সকল এই নতুন প্ৰত্যাহ্বান আৰু নীতিৰ বাবে কিদৰে সাজু হব লাগিব তাৰ বাবে সকলোকে পৰামৰ্শ প্ৰদান কৰাৰ লগতে তেওঁলোকে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সম্পৰ্কে বিস্তৃত আলোচনা কৰে। আনহাতে চাহ বিৰতিৰ অন্তত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ কাৰিকৰী সত্ৰত সমল ব্যক্তি ৰূপে ডিব্ৰুগড় জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বক্তব্য প্ৰদান কৰাৰ বিপৰীতে মহাবিদ্যালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত উচ্চ শিক্ষাৰ কাৰিকৰী সত্ৰত সমল ব্যক্তিৰ বক্তব্য প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক (শৈক্ষিক) ডঃ বিনোদ চন্দ্ৰ বড়াই। উল্লেখযোগ্য যে নাহৰকটীয়া বিধান সভা সমষ্টিৰ অৰ্ধশতাধিক শিক্ষানুষ্ঠানৰ ৩০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকাই অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ অন্তত শলাগৰ শৰাই জ্ঞাপন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে পৰৱৰ্তী সময়ত এই একেই বিষয়ক শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকা সকলক অধিক তথ্য প্ৰদানৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড় জিলা শিক্ষা বিভাগ আৰু অসম যুৱ আয়োগৰ সভাপতি, স্থানীয় বিধায়ক তৰঙ্গ গগৈৰ সহযোগত এক আবাসীক কৰ্মশালা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

You might also like