মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ যুৱ শিল্পী বঁটা
নিয়মীয়া বাৰ্তা, ২৫ডিচেম্বৰ: প্ৰতিভাসম্পন্ন যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকালৈ ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ ২০২১-২০২২ বৰ্ষৰ ‘যুৱ প্ৰতিভা শিল্পী বঁটা’ (Young Telented Artists Award) আগবঢ়োৱা হৈছে। কটন বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগৰ শিক্ষা লাভ কৰা মিনাংক ডেকাই মূকাভিনয়ৰ শিক্ষা যশস্বী মুকাভিনয় শিল্পী মইনুল হকৰ তত্বাৱধানত লাভ কৰিছিল। মূকাভিনয়ৰে বিভিন্ন সময়ত বিভিন্ন সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি নিজস্ব এক পৰিচয় গঢ়ি তোলা মিনাংক ডেকাই কোভিড মহামাৰীৰ সময়ত মূকাভিনয়ৰে একক প্ৰচেষ্টাৰে লোৱা সজাগতামূলক কাৰ্যসূচী সমূহ লেখত ল’বলগীয়া। ইয়াৰ উপৰিও স্বচ্ছতাৰ তথা আৰু দীপৰ বিলৰ সুৰক্ষাৰ হকে নিজাববীয়াকৈ লোৱা কাৰ্য্যসূচী সমূহৰ লগতে ভাৰতীয় নিৰ্বাচন আয়োগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অসম এইডছ কট্ৰল ছ’ছাইটি ইত্যাদি বিভিন্ন বিভাগৰ হৈ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। উল্লেখযোগ্য যে, মিনাংক ডেকাৰ একক প্ৰচেষ্টাতেই ভাৰতৰ পৰা নিৰ্বাক শীৰ্ষক মূকাভিনয়ৰ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা প্ৰকাশ পাই আহিছে। ইয়াৰ পূৰ্বে মিনাংক ডেকাই ভাৰত চৰকাৰৰ সাংস্কৃতিক সমল আৰু প্ৰশিক্ষণ প্ৰতিস্থান (CCRT), নতুন দিল্লীৰ পৰাও জ্যেষ্ঠ শাখাত ৰাষ্ট্ৰীয় জলপানী লাভ কৰিছিল। পিতৃ গোপীকান্ত ডেকা আৰু মাতৃ বুলু ডেকাৰ একমাত্ৰ সন্তান মিনাংক ডেকাৰ এই সফলতাত সকলো উৎফুল্লিত হৈ পৰিছে। বাইহাটা চাৰিআলিৰ বেজেৰাত জন্মলাভ কৰা মিনাংক ডেকা বৰ্তমান গুৱাহাটী পশ্চিম বৰাগাঁৱৰ বাসিন্দা।