নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ কালি ধুবুৰীৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব ধুবুৰী সাহিত্য সভাৰ গৌৰৱজ্বল শতবৰ্ষৰ শুভাৰম্ভণী শীৰ্ষক এক অনুষ্ঠান। উল্লেখ্য যে, ধুবুৰীৰ স্বনামধন্য ব্যক্তি তথা “সীমান্ত প্ৰহৰী” খ্যাত প্ৰয়াত প্ৰমথনাথ চক্ৰৱৰ্তীকে ধৰি সেই সময়ৰ আন কেইবা গৰাকী বৰেণ্য ব্যাক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯২৩ চনত স্থাপিত হৈছিল ধুবুৰী সাহিত্য সভাৰ। ধুবুৰী সাহিত্য সভাই ২০২৩ বৰ্ষত বৰ্ণিল যাত্ৰা সামৰি শতবৰ্ষ অতিক্ৰম কৰিব আৰু তাৰেই সৈতে সংগতি ৰাখি কালি অনুষ্ঠিত হ’ব শতবৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। কাৰ্য্যসূচী মতে, কালি পুৱা ধুবুৰী সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীৰ নেতৃত্বত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অসম সাহিত্য সভাৰ ১০০ খন পতাকা উত্তোলনেৰে শতবৰ্ষৰ শুভাৰম্ভণী কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটিব। ধুবুৰী জিলাৰ উপায়ুক্ত তথা ধুবুৰী সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি দিবাকৰ নাথেও পতাকা উত্তোলনৰ সেই কাৰ্য্যসূচীত অংশ ল’ব। ইয়াৰ পিছত অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি পাচু গোপাল চক্ৰৱৰ্তীয়ে স্মৃতি তৰ্পণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব। লগতে খেলপথাৰখনৰ পৰা উলিওৱা হ’ব বৰ্ণ্যাঢ্য এক সাংস্কৃতিক শোভাযাত্ৰা। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে সেই শোভাযাত্ৰাটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। আনহাতে, বিয়লি পতাকা অৱনমন আৰু ধুবুৰী সাহিত্য সভা ভৱনত বন্তি প্ৰজ্জ্বলনেৰে ধুবুৰী সাহিত্য সভাৰ কালিৰ শতবৰ্ষৰ শুভাৰম্ভণী কাৰ্য্যসূচীৰ অন্ত পৰিব।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী