নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ “অনন্য কণ্ঠ আৰু সুকীয়া পৰিৱেশনৰ শৈলীৰে গোৱালপৰীয়া লোকগীতক বিশ্বৰ সংগীত জগতত প্ৰতিষ্ঠা কৰা যশস্বী শিল্পী, পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি বিজড়িত ধুবুৰী জিলাৰ গৌৰীপুৰস্থ “হাৱা মহল”ৰ সুৰক্ষাৰ সৈতে সংগতি ৰাখি আজিৰ এই আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ।” আজি গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত সাধনাৰ পীঠস্থান ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবোগৰ “হাৱা মহল”ৰ অসম চৰকাৰৰ সাংস্কৃতক পৰিক্ৰমা বিভাগৰ আনুষ্ঠানিক হস্তান্তৰ কাৰ্য্যসূচীত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ আৰু কয় যে, “এই অনুষ্ঠানত উপস্থিত থকা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালবৰ্গ, ধুবুৰী জিলাৰ সন্মানীয় ৰাইজ আৰু আমাৰ প্ৰশাসনৰ আটাইকে আজি নৱবৰ্ষৰ ওলগ জনাইছোঁ। আজিৰ দিনটো কেৱল অবিভক্ত গোৱালপাৰা জিলাৰ বাবে নহয়, সমগ্ৰ অসমবাসী ৰাইজৰ বাবে এক গৌৰৱৰ দিন। এই ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ পাই মই নিজকে পৰম সৌভাগ্যবান বুলি অনুভৱ কৰিছোঁ।”
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ ভাষণত “হাৱা মহল” লৈ অহাৰ স্মৃতি ৰোমন্থন কৰি কয় যে, “মুখ্যমন্ত্ৰীৰূপে দায়িত্ব ভাৰ পোৱাৰ পিছত ২০২১ চনৰ ১৩ অক্টোবৰত মোৰ এই হাৱা মহললৈ অহাৰ সৌভাগ্য হৈছিল। হাৱা মহলত লুকাই থকা ঐতিহ্যমণ্ডিত সামগ্ৰীসমূহ, প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ গাথাসমূহ আৰু ইয়াত অতি সযতনে সুৰক্ষিত কৰি ৰখা সম্পদসমূহ চাই মই অনুভৱ কৰিছিলোঁ ই আমাৰ জাতীয় জীৱনৰ বাবে এটা অতিকৈ পৰম সম্পদ। আৰু, সেইবাবে আমি এই মহলটোক সংৰক্ষণ কৰাই নহয়; ইয়াক এক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰিব লাগিব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আমাৰ সচিব লয়া মাধুৰী ডাঙৰীয়ানি আৰু শংকৰদেৱ কলা ক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়াক মই দায়িত্ব দিছিলোঁ যে ২০২৩ চনৰ প্ৰথম জানুৱাৰীৰ দিনটোতে আমি আমাৰ এই লক্ষ্যত উপনীত হ’ব লাগিব। মঞ্চত উপবিষ্ট ধুবুৰী জিলাৰ উপায়ুক্ত নাথ জাঙৰীয়া আৰু আমাৰ মন্ত্ৰী-বিষয়াসকলৰ প্ৰচেষ্টাত আজি আমি সেই গৌৰৱ উজ্জ্বল ক্ষণটোত উপনীত হ’ব পাৰিলে আৰু এনে এক সুন্দৰ মূহুৰ্তৰ সাক্ষী হ’বলৈ পাই মই সঁচাকৈয়ে নিজকে সৌভাগ্যবান অনুভৱ কৰিছোঁ।”
নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে হাৱা মহলৰ পুৰণি ইতিহাসৰ ওপৰতো আলোকপাত কৰে। গোৱালপৰীয়া লোকগীতৰ সাধিকাৰূপে আখ্যা দি প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু সৃষ্টিৰাজিৰ ওপৰতো এক মনোজ্ঞ বক্তব্য আগবঢ়ায় তেওঁ। নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে ঐতিহ্যমণ্ডিত সম্পদসমূহ সংৰক্ষণৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰশাসনক আহ্বান জনাই কয় যে, “যতেই আমাৰ ঐতিহ্যমণ্ডিত সম্পদসমূহ আছে তাক সংৰক্ষণৰ বাবে আমি সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে। যোৱা বছৰ মই ধুবুৰী জিলালৈ আহিছিলোঁ, গুৰুদ্বাৰালৈ আমি যৎসামান্য সহায় আগবঢ়াইছিলোঁ যাতে এই ধৰণৰ সম্পদসমূহক সদায় আমি জীৱন্ত আৰু প্ৰাণৱন্ত কৰি ৰাখিব পাৰোঁ।”
ল’গতে তেওঁ কয় যে, “কোনো এটা জাতি নিজৰ ইতিহাস, অতীতৰ পৰা বিচ্ছিন্ন হৈ জীয়াই থাকিব নোৱাৰে। আমাৰ গৌৰৱ উজ্বল ইতিহাস আৰু অতীতে আমাক আগবাঢ়ি লোৱাৰ বাবে প্ৰেৰণা দিয়ে। জাতি হিচাবে নিজৰ মেৰুদণ্ড প্ৰতিকূলতাৰ মাজতো সাহসেৰে পোন কৰি জীয়াই থাকিব বাবে অদ্ভূত প্ৰেৰণা দিয়ে।” তেওঁ আৰু কয় যে, “অবিভক্ত গোৱালপাৰা জিলা, ধুবুৰী জিলাৰ আজিৰ পৰিৱেশ যোৱা ৪০/৫০ বছৰত বহু পৰিবৰ্তন হৈছে। মানুহৰ মাজত, আমাৰ খিলঞ্জীয়া লোক সমাজৰ মাজত কেতিয়াবা কেতিয়াবা দূৰ্বলতাই আগুৰি ধৰে। কেতিয়াবা কেতিয়াবা আমাৰ মনত ভাৱ হয় আমি এই জিলাৰ পৰা আঁতৰি হৈ আমি আন জিলাত বসবাস কৰিম বুলি।
জাতি, মাটি, ভেটি আমি এৰিব লাগিব। আমি সংগ্ৰাম কৰিব লাগিব, সংঘৰ্ষ কৰিব লাগিব। আৰু সংগ্ৰাম মানুহৰ ল’গত নহয়, সংগ্ৰাম হ’ব আমাৰ কলা-কৃষ্টি জীয়াই ৰখাৰ; সংগ্ৰাম হ’ব আমাৰ ঐতিহাসিক সমলবোৰ জীয়াই ৰখাৰ; সংগ্ৰাম হ’ব ইজনে সিজনৰ ল’গত বিপদ-আপদত, সংঘাতৰ সময়ত কাষত থিয় হৈ একতা আৰু সমন্বয়ৰ এক নতুন চৰিত্ৰ নিৰ্মাণ কৰাৰ। আৰু তাৰ ল’গতে আমাৰ যিসকল ব্যক্তিয়ে আমাৰ এই সংস্কৃতিক সন্মান জনাই আমাৰ এই সংস্কৃতিক আদৰি লয়; তেওঁলোককো আমাৰ এই জগতখনলৈ আদৰণি জনোৱা। মই ভালো সাহস, শক্তি আৰু সমন্বয়ে আমাক জীয়াই থকাৰ প্ৰৰণা জনাব।
আজিৰ সভাখনতেই উপস্থিত অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাক অহা বছৰৰ ১ জানুৱাৰীৰ ভিতৰত আজি হস্তান্তৰিত হোৱা হাৱা মহলক সংগ্ৰহালয় ৰূপে গঢ়ি তুলাৰ দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিষয়টো লৈ তেওঁ কয় যে, ” সকলো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি অসমৰ ৰাইজক যাতে আমি শাৰিৰীক ভাৱেই হওক, ভাৰ্চুৱালিয়েই হওক; আমন্ত্ৰণ জনাই অহা বছৰৰ ১ জানুৱাৰীত এই সমগ্ৰ প্ৰকল্পটো যাতে পৰিপূৰ্ণ কৰিব পাৰোঁ তাৰবাবে মই বিমল বৰা ডাঙৰীয়াক আজিৰ সভাতে আনুষ্ঠানিক ভাৱে দায়িত্ব দিলোঁ।”
পিছত সাংবাদিকৰে হোৱা কথাবতাৰত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিমুদ্ৰাকৰণৰ ওপৰত দিয়া এক গুৰুত্বপূৰ্ণ ৰায়দানৰ ওপৰত মন্তব্য বিচাৰি কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে, “নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানবোৰ সিদ্ধান্ত লৈছে তাক যি দৰে প্ৰত্যাহ্বান জনোৱা হৈছে – ৰাইজৰ আদালতত অথৱা ন্যায়ালয়ত সকলো ক্ষেত্ৰতে মোদী ডাঙৰীয়াই লোৱা প্ৰতিটো পদক্ষেপক ৰাইজ আৰু দেশৰ স্বাৰ্থত কৰা বুলি আদালতৰ মজিয়াতে হওক বা ৰাইজৰ আদালতৰ মজিয়াতে হওক সদায় স্বীকৃতি লাভ কৰিছে।
ল’গতে তেওঁ আৰু কয় যে, “মই ভাৱোঁ বিৰোধী পক্ষও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতিটো কথাতে সমালোচনা নকৰি সহযোগিতাৰ পথেৰে আগবাঢ়িব লাগে। উল্লেখ্য যে, আজিৰ এই কাৰ্য্যসূচীত অংশ ল’বলৈ মুখ্যমন্ক্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ অভিভাবক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা সহ ধুবুৰী জিলাৰ গৌৰীপুৰৰ মহামায়া খেলপথাৰত নিৰ্মিত অস্থায়ী হেলিপেডত হেলিকপ্টাৰেৰে গুৱাহাটীৰ পৰা উপস্থিত হয় আৰু তাৰ পৰা পোনে পোনে দুপৰীয়া ১টা মান বজাত উপস্থিত হয় গৌৰীপুৰৰ মাটিয়াবোগৰ হাৱা মহললৈ।
মুখ্যমন্ত্ৰী গৰাকীয়ে মহামায়া খেল পথাৰৰ পৰা অহা ৰাজপথৰ দুকাষে দীৰ্ঘ সময়ৰ পৰা অপেক্ষাৰত অলেখ ৰাইজৰ “মামা” “মামা” হৰ্ষোধ্বনিৰে সভাথলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে। পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলিৰে আৰম্ভ হোৱা আজিৰ সেই কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে ধুবুৰী জিলাৰ উপায়ুক্ত দিৱাকৰ নাথে। ইয়াৰ পিছত প্ৰতিমা পাণ্ডে বৰুৱাৰ দুহিতা অলকা পাণ্ডেই পৰিৱেশন কৰা শিল্পীগৰাকীৰ কালজয়ী গীত “বৈঠা মাৰো, বৈঠা মাৰো ৰে’ সভাথলী জীপাল কৰি তোলে। গৌৰীপুৰ ক’লা পৰিষদৰ স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা গোৱালপৰীয়া নৃত্যই সমগ্ৰ অনুষ্ঠানক এক বেলেগ মাত্ৰা প্ৰদান কৰা পোৱা যায়।
নিজৰ শুভেচ্ছা সূচক বক্তৱ্যত গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ সদস্য তথা প্ৰয়াত শিল্পী গৰাকীৰ ভাতৃ প্ৰৱীৰ বৰুৱাই তেওঁলোকৰ পিতৃৰ আশা পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ স্বামী গংগাশংকৰ পাণ্ডে শুভেচ্ছা সূচক বক্তৱ্যৰ পিছত পৰিয়ালবৰ্গৰ হৈ নিৱেদিতা বৰুৱাই কৃতজ্ঞতা পত্ৰ পাঠ কৰে। আজিৰ এই সভাখনতেই মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে পৰিয়ালটোক ১৫ কোটি ২২ লাখ ৮২ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ সমান্তৰালকৈ হাৱা মহলৰ প্ৰতিকী চাবি গ্ৰহণ কৰে।
উল্লেখ্য যে, আজিৰ এই সভাখনতেই ধুবুৰী জিলাৰ গোলোকগঞ্জ নিবাসী তথা চিলাৰায় মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপিকা ৯০ বছৰীয়া সবিতা ৰাণী প্ৰধানীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। আজিৰ এই সভাখনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ (society)ৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিত মীনাক্ষী দেৱ দাস নাথ, গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সদস্যসকল, ধুবুৰী জিলা আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া বৰ্গ প্ৰমুখ্যে বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী