গৰৈমাৰীত দুষ্প্ৰাপ্য লক্ষ্মী ফেঁচা উদ্ধাৰ
নিয়মীয়া বাৰ্তা , ৪ জানুৱাৰীঃ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত আজি দুষ্প্ৰাপ্য লক্ষ্মী ফেঁচা উদ্ধাৰ হৈছে ৷ জানিব পৰামতে, গৰৈমাৰী সত্ৰ গাঁৱৰ ডাঃ ইমৰাণ হুছেইনৰ নিজ বাসভৱনৰ পিচপিনে আজি পুৱাৰ ভাগত এদল শিশুৱে অসুস্থ অৱস্থাত দুষ্প্ৰাপ্য লক্ষ্মী ফেঁচা এটা প্ৰত্যক্ষ কৰাত চিকিৎসক ইমৰাণ হুছেইনে অসুস্থ ফেঁচাটো শিশুসকলৰ পৰা উদ্ধাৰ কৰি ঘৰত পিঞ্জিৰাবদ্ধ কৰে ৷ পিচত গৰৈমাৰীৰ বন বিভাগৰ কাৰ্যালয়ত খৱৰ দিয়াত বনৰক্ষী বাহিনীৰ গিয়াছ উদ্দিন আহমেদ, হাসমত আলীয়ে আহত দুষ্প্ৰাপ্য লক্ষ্মী ফেঁচাটো পৰিয়ালটোৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মালৈ নিয়ে ৷