কামপুৰ থানাৰ অন্তৰ্গত শালমৰা নতুন বজাৰ অঞ্চলত যোৱানিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত এক বৃহৎ সাফল্য লাভ কৰে। আৰক্ষীৰ এই বিশেষ অভিযানত এটা পিষ্টল আৰু তিনি জাঁই সক্ৰিয় গুলীসহ তিনিজন সশস্ত্ৰ ডকাইতক আটক কৰিবলৈ সক্ষম হয়। ধৃত ডকাইতকেইজনক ফইজুল ইছলাম, জাহাংগীৰ আলম আৰু আচিক উল্লাহ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শালমৰা নতুন বজাৰ এলেকাত এটা সশস্ত্ৰ দলে ডকাইতি কৰাৰ উদ্দেশ্যৰে পৰিকল্পনা ৰচনা কৰি থকাৰ এক নিৰ্ভৰযোগ্য খবৰ লাভ কৰিছিল। এই খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে নিশাই উক্ত স্থানত অতৰ্কিতে অভিযান চলায়।
আৰক্ষীৰ দলটোৱে কৌশলেৰ ঘেৰি ধৰি তিনিজনীয়া অপৰাধী দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত অপৰাধীকেইজনক তালাচী চলাই আৰক্ষীয়ে এটা পিষ্টল আৰু তিনি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা তিনিটা ম’বাইল ফোন আৰু ডকাইতি কাৰ্যত ব্যৱহাৰ কৰিবলৈ অনা এখন মাৰুতি চুজুকী চুইফ্ট গাড়ী জব্দ কৰে। জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS-02AQ-6778। আৰক্ষীয়ে অধিক তথ্য লাভ কৰিবলৈ তীব্ৰ জেৰা আৰু অনুসন্ধান অব্যাহত ৰাখিছে।