নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষতে দেশত আৰম্ভ কৰা হ’ব হাইড্র’জেন ৰে’লৰ সেৱা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: বন্দে ভাৰতৰ পিছত প্রযুক্তি ক্ষেত্রত অধিক উন্নয়ন ঘটাবলৈ সংকল্প লৈছে দেশৰ ৰে’ল বিভাগে৷ চলিত বর্ষটোতে দেশত চলিব হাইড্র’জেন ৰে’ল৷ ভাৰতীয় ৰে’ল বিভাগে সঘনে প্রদূষণ নিয়ন্ত্রণৰ ক্ষেত্রত বিভিন্ন উদ্যোগ গ্রহণ কৰি আহিছে৷ এইবাৰ ডিজেলচালিত ইঞ্জিনৰ পৰিৱর্তে সম্পূর্ণ দেশীয় প্রযুক্তিত নির্মিত হাইড্র’জেন ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ পূর্বেই ৰে’ল মন্ত্রণালয়ৰ তৰফৰ পৰা ইংগিত দিয়া হৈছিল যে ২০২৩ চনত হাইড্র’জেন ৰে’লৰ চকা ঘূৰিব ভাৰতত৷ চলিত বছৰত হাৰিয়ানাৰ সোণপটৰ পৰা জিন্দলৈ প্রথম ৮৯ কিলোমিটাৰ পথত এই ৰে’ল চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই ৰে’ল হ’ব পৰিৱেশ বান্ধৱ৷

You might also like