নগালেণ্ডত পথ দুর্ঘটনাত চৰাইদেউৰ ছেঙেলীমৰাৰ বিবাহিত ব্যক্তিৰ মৃত্যু, আহত দুই
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: চৰাইদেউ জিলাৰ মাহমৰাৰ ছেঙেলীমৰা গাঁৱৰ এজন বিবাহিত ব্যক্তি চুবুৰীয়া ৰাজ্য নগালেণ্ডত নিৰ্মাণ কাৰ্য চলি এটা পথৰ ফ’ৰলেনৰ কামত শ্ৰমিক ৰূপে কাম কৰিবলৈ যোৱা অৱস্থাত এক ডাম্পাৰ দুৰ্ঘটনাত থিতাতে নিহত হয় । উল্লেখ্য যে গাঁও খনৰ নিবাসী সুখীধৰ গগৈয়ে(৫৫) জজলী পাঁচআলিৰ জিন্তু চাংমাই(৩৫) নামৰ বিবাহিত যুৱক জনৰ সৈতে সোনাৰিৰ পৰা যোৱা দুই জানুৱাৰীৰ নিশা নগালেণ্ডৰ মন টাউনলৈ এখন ডাম্পাৰেৰে গৈ থকা অৱস্থাত উক্ত দিনা পুৱতি নিশা চুবুৰীয়া ৰাজ্যখনৰ এক দুর্গম স্থানত ডাম্পাৰ খন দুৰ্ঘটনাত পতিত হৈ পথৰ পৰা প্ৰায় ৪০ ফুট তলত পৰি যায় । জানিব পৰা মতে নগালেণ্ডৰ মন জিলা অভিমুখে গৈ থকা এ এছ ০৪ বি চি ৩৮৯৩ নম্বৰৰ ডাম্পাৰখন যাত্ৰা পথত মন বস্তিৰ জনচন নামৰ ঠাই খনত পুৱতি নিশা সংঘটিত ঘটনাটোত ডাম্পাৰ খনৰ চালক জন সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও ডাম্পাৰ খনৰ গৰাকী চৰাইদেউ জিলাৰ পাটসাঁকো আখৈয়া গাঁৱৰ নিবাসী ৰঞ্জিত হাতীবৰুৱা, যাত্রী হিচাপে বাহনখনত যোৱা জজলী পাঁচআলিৰ জিন্তু চাংমাই গুৰুতৰ ভাবে আহত হোৱাৰ বিপৰীতে আনজন যাত্ৰী মাহমৰাৰ ছেঙেলীমৰা গাঁৱৰ নিবাসী সুখীধৰ গগৈ ডাম্পাৰ খনৰ পৰা ওলাই পৰাত পাহাৰৰ তলিলৈ খহি পৰা ডাম্পাৰ খনে মহতিয়াই নিয়াত লোকজনৰ ঘটনাস্থলীতে কৰুণ ভাৱে মৃত্যু হয়। ঘটনা পিছদিনা নগালেণ্ড আৰক্ষীয়ে নিহত লোকজনৰ মৃত্যুদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালক চমজাই দিয়ে । মৃত্যুৰ সময়ত লোকজনে বৃদ্ধা মাতৃ,পত্নী, তিনিগৰাকী বিবাহিতা কন্যা, এজন ভাতৃ, নাতি নাতিনীসহ বহু আত্মীয়ক এৰি থৈ গৈছে । অমায়িক ব্যক্তি গগৈৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।