সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্রস্তুতি
নিয়মীয়া বার্তা, ৪ জানুৱাৰী ঃ অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিসংখ্যক পূর্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ নাৰায়ণপুৰৰ ঐতিহাসিক বৰখামতি পথাৰৰ ‘মণিকাঞ্চন ক্ষেত্র’ত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে৷ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিসংখ্যক পূর্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ লগতে এখন সুপৰিকল্পিত আঁচনিৰে গ্রন্থমেলা আয়োজনৰ পূর্ণপ্রস্তুতি চলিছে৷ ডল্লেখ্য যে ২০২২ বর্ষৰ ২২ নৱেম্বৰৰ পৰা অনলাহনযোগে গ্রন্থ বিপণী আৰু প্রকাশন গোষ্ঠীসমূহে নির্ধাৰিত যোগদান মাচুল জমা দি গ্রন্থমেলাত যোগদান কৰিছে৷ গ্রন্থ প্রকাশক আৰু গ্রন্থ বিপণীসমূহৰ সুবিধার্থে এহ পঞ্জীয়নৰ সময়সীমা হতিমধ্যে ১৭ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে৷ ডক্ত গ্রন্থমেলাত কেৱল পঞ্জীভুক্ত গ্রন্থ বিপণী আৰু প্রকাশন গোষ্ঠীহে সুবিধা লাভ কৰিব বুলি বিভাগীয় ডপ–সমিতিয়ে স্পষ্ট কৰি দিয়াৰ লগতে নাম পঞ্জীয়ন নকৰাসকলক অংশগ্রহণৰ সুযোগ দিব পৰা নহ’ব বুলিও জানিবলৈ দিয়ে৷ সকলো পঞ্জীভুক্ত গ্রন্থ বিপণী আৰু প্রকাশন গোষ্ঠীৰ স্থান আবণ্টনৰ বাবে ২২ জানুৱাৰীত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত দিনৰ ১১ বজাত এখন লটাৰীৰ আয়োজন কৰা হৈছে৷ ডক্ত লটাৰী পৰিচালনাৰ বাবে আদৰণী সমিতি, গ্রন্থমেলা ডপ–সমিতি, পঞ্জীয়ন ডপ–সমিতি, আহন কোষৰ প্রতিনিধিসকলক লৈ এখন পৰিচালনা সমিতি গঠন কৰা হৈছে৷ এহ লটাৰীলৈ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সন্থাৰ বিষয়ববীয়াসকলক আমন্ত্রণ জনোৱা হ’ব৷ যিকোনো পঞ্জীভুক্ত গ্রন্থ প্রকাশন আৰু গ্রন্থ বিপণীৰ হচ্ছুক প্রতিনিধি এহ লটাৰীত ডপস্থিত থাকিব পাৰিব৷ পঞ্জীয়নৰ ক্ষেত্রত কেৱল তথ্যৰ বাবে আন্তঃৰাষ্ট্রীয়, ৰাষ্ট্রীয়, ৰাজ্যিক আৰু আঞ্চলিক– এহ চাৰিটা শাখাত গ্রন্থ বিপণীসমূহ পঞ্জীয়ন কৰা হৈছে যদিও সকলো স্তৰৰ বিপণীৰ স্থান আবণ্টন কেৱল লটাৰীযোগে নিৰূপণ কৰা হ’ব৷ পঞ্জীয়নৰ মাচুল অনলাহনত আদৰণী সমিতিৰ বেংক একাডণ্টত জমা দিব লাগিব৷ এহ একাডণ্টত থকা আই এফ এছ চি কোডটো সম্পূর্ণ শুদ্ধ আৰু হয়াত জমা কৰা ধনৰাশি আদৰণী সমিতিৰ একাডণ্টত জমা হৈ আছে৷ এটা কোঠাৰ বাবে পাঁচ হাজাৰ টকা, দুটা কোঠাৰ বাবে দহ হাজাৰ টকা আৰু ডাঙৰ কোঠাৰ (তিনিটা সৰু কোঠাৰ সমান) বাবে পোন্ধৰ হাজাৰ টকাৰ পঞ্জীয়ন মাচুল ধার্য কৰা হৈছে৷ পঞ্জীয়নৰ ক্ষেত্রত কিবা সমস্যা হ’লে পঞ্জীয়ন ডপ–সমিতিৰ সম্পাদক ড০ লক্ষীনাথ বৰাৰ (৭৬৩৭৮–৮৪৮৩৯) লগত যোগাযোগ কৰিব পাৰিব৷ পঞ্জীয়ন মাচুল বেংক ড্রাফ্ট, ফোন পে’, গুগল পে’ আদিৰ জৰিয়তেও জমা দিব পাৰিব৷ গ্রন্থমেলাত অসমীয়াত পঞ্জীয়নৰ বাবে https.//forms.gle/Wko7TsUE5GnWsQVe7 আৰু হংৰাজীত পঞ্জীয়নৰ বাবেhttps.//forms.gle/gUXLvxo6zfZ2gu8r8 এহ লিংক দুটা ব্যৱহাৰ কৰিব পাৰিব৷ পূর্বৰ দৰে এহবাৰো অসম সাহিত্য সভাৰ গ্রন্থমেলাসমূহত যোগদান কৰা গ্রন্থ বিপণীসমূহৰ লগত জডিত ব্যক্তিসকলে গ্রন্থ বিপণীতে নিজাকৈ থকা আৰু খোৱাৰ ব্যৱস্থা কৰিবলৈ হচ্ছা প্রকাশ কৰিছে৷ তেওঁলোকৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি পূর্বে প্রকাশ কৰা নিয়মাৱলীৰ এহ দিশটো সংশোধন কৰা হৈছে৷ ডল্লেখ্য যে এহক্ষেত্রত ডদ্ভৱ হ’ব পৰা সম্ভাব্য নিৰাপত্তাৰ দিশসমূহ সংশ্লিষ্ট গ্রন্থ বিপণীসমূহে চোৱাচিতা কৰিব লাগিব৷ আগন্তুক অসম সাহিত্য সভাৰ অধিৱেশনত এখন সুন্দৰ গ্রন্থমেলালৈ পাঠক–পাঠিকাসকলক্ আদৰণি জনাই সংশ্লিষ্ট সকলোৰে সহায়–সহযোগিতা কামনা কৰিছে৷ তদুপৰি প্রয়োজনীয় তথ্য জানিবলৈ গ্রন্থমেলা ডপ–সমিতিৰ সভাপতি দুলাল চন্দ্র মহন্ত (৯৮৫৪১–৩১৩৫২) আৰু সম্পাদক ৰূপক বৰাক (৯৩৬৫১–৮২১১৯) যোগাযোগ কৰিবলৈ জনোৱা হৈছে৷