মধ্যপ্ৰদেশৰ শ্যামলা হিলচত বৃক্ষৰোপণ মন্ত্ৰী পীযুষ হাজৰীকাৰ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান মৰ্মে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু আন ৰাজ্যৰ মন্ত্ৰীসকলৰ সৈতে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শ্যামলা হিলচত এক বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
ইয়াৰ পাছতে মন্ত্ৰী পীযুষ হাজৰীকাই ভূপালত অনুষ্ঠিত হৈ থকা ‘1st All India Annual State Ministers’ Conference on Water’ ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে আজিৰ কনফাৰেন্সৰ প্ৰথমাৰ্ধত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশৰ উপস্থিত থকাৰ বিপৰীতে দ্বিতীয়াৰ্ধত সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ জলজীৱন মিছনৰ কাম-কাজৰ খতিয়ান সন্দৰ্ভত প্ৰেজেন্টেচন আগবঢ়াই।
I took part in the sapling plantation programme today at Shyamala Hills,MP along Hon’ble Union Jal Shakti Min. Shri @gssjodhpur ji & other fellow state ministers in the gracious presence of Hon’ble CM of Madhya Pradesh Shri @ChouhanShivraj ji. pic.twitter.com/nIjxLEBvPv
— Pijush Hazarika (@Pijush_hazarika) January 6, 2023