জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রাইড ইষ্টৰ ‘বকুল ফুলৰ দৰে লৈ চাৰিটা সন্মান
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত চাৰিটাকৈ সন্মানেৰে সন্মানিত হ’ল প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত নৱতম অসমীয়া ছবি ‘বকুল ফুলৰ দৰে’। ছবি মহোৎসৱখনত জুৰিৰ স্পেচিয়েল মেনছন, মেকআপ হেয়াৰ ষ্টাইল এৱাৰ্ড, গ্রীনৰ’জ এৱাৰ্ড ফৰ গ্ল’ৱেল মেছেজ আৰু য়েল’ ৰ’জ এৱাৰ্ড ফৰ আপকামিং ফিল্ম শিতানত ‘বকুল ফুলৰ দৰে’ ছবিখনে সন্মান বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে প্রাইড ইষ্টৰ বেনাৰত নির্মিত এই ছবিখন প্ৰযোজনা কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই। মৃণাল কলিতাৰ কাহিনীৰে ছবিখন পৰিচালনা কৰিছে বিশিষ্ট পৰিচালক সঞ্জীৱ হাজৰিকাই। অন্তৰীপ হাজৰিকাই সংগীত পৰিচালনা কৰা ছবিখনৰ কাৰ্যবাহী প্রযোজক হৈছে কৃষ্ণা বৰুৱা। ইফালে হাড়গিলা সংৰক্ষণৰ প্রচেষ্টাক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ‘হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টক’ শীৰ্ষক তথ্যচিত্ৰখনে বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত সুনাম বুটলিবলৈ সক্ষম হৈছে।
শেহতীয়াকৈ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত বিট তথ্যচিত্ৰৰ শিতানত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা তথ্যচিত্ৰখনে বিশেষ বঁটা আঁজুৰি আনিছে। মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে। উল্লেখ্য যে বিলুপ্তপ্রায় হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত প্রকৃতিবিদ পূর্ণিমা দেৱী বৰ্মনে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বৰ্মনৰ নেতৃত্বত কামৰূপ জিলাৰ দদা-পছৰীয়া অঞ্চলত বিলুপ্তপ্রায় পক্ষীবিধৰ সংৰক্ষণৰ বাবে এক বিশেষ প্রচেষ্টা আৰম্ভ কৰা হৈছিল। তেওঁ অঞ্চলটোৰ মহিলাসকলক একগোট কৰি হাড়গিলা আৰ্মী গঠন কৰিছিল। পূর্ণিমা দেৱী বৰ্মনৰ এই প্ৰচেষ্টালৈ বিশেষভাৱে সমর্থন আগবঢ়াই আহিছে উচ্চপদস্থ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই। তেওঁৰ নেতৃত্বত কামৰূপ আৰক্ষী আৰু প্ৰশাসনেও পূর্ণিমা দেৱী বৰ্মনৰ এই প্ৰচেষ্টালৈ সঁহাৰি জনাই আহিছে।
ইতিমধ্যে বিলুপ্তপ্রায় পক্ষীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত এয়া এক অন্যতম গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট পৰিৱেশবিদগৰাকীৰ এই পদক্ষেপৰ ওপৰতে হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টক’ নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ তথ্যচিত্ৰখনে লাভ কৰা এই স্বীকৃতি উক্ত অঞ্চলৰ মহিলাসকলৰ কষ্ট আৰু হাড়গিলা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অনন্য সন্মান বুলি প্ৰযোজক আৰু পৰিচালকে মন্তব্য কৰিছে। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে জয়পুৰ চলচ্চিত্ৰ মহোৎসৱৰ উপৰি মুম্বাই চুটি ছবি মহোৎসৱ, দিল্লী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ, গোৱা চলচ্চিত্ৰ মহোৎসৱ, পুনে ছবি মহোৎসৱ, টেগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৱাইল্ড লাইফ কনজাৰভেচন ছবি মহোৎসৱ (নিউয়র্ক) আৰু এছ অ’ এফ এ (এনিমেচন, ৱাইল্ড লাইফ, এনভাইৰনমেণ্ট কনজাৰভেচন, ছাইপ্ৰাছ)কে ধৰি প্ৰায় সাতখন ভিন্ন ছবি মহোৎসৱত তথ্যচিত্ৰখন প্ৰদৰ্শিত হৈছে। জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এনিমেচন শিতানত পৰিচালক পার্থসাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে। আনহাতে লাচিত দ্য ৱাৰিয়ৰ তথ্যচিত্ৰৰ বাবে অনুপম মহন্তই শ্রেষ্ঠ সৃজনশীল পৰিচালকৰ সন্মান লাভ কৰে। পার্থসাৰথি মহন্তই ৰচনা কৰা লাচিত বৰফুকনৰ জীৱনভিত্তিক কবিতাটোৱেও যথেষ্ট সমাদৰ লাভ কৰিছে। এই কবিতাটো বিশিষ্ট সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে আবৃত্তি কৰাৰ উপৰি ড° জৱিয়েল কলিতাই ইংৰাজীলৈ অনুবাদ কৰিছে। আৱহ সংগীত ৰূপম তালুকদাৰৰ। প্ৰচ্ছদ সজ্জা হৃষিকেশ বৰাৰ, এনিমেচন কৰিছে ৰাতুল দত্ত আৰু হৃষিকেশ বৰাই। ব্যৱস্থাপনা আৰু ভি এফ এক্সৰে কবিতাটো অধিক মনোগ্ৰাহী কৰি তুলিছে ৰাতুল দত্তই। লক্ষণীয় যে ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৬তখন দেশৰ ২৮২খন ছবি প্রদর্শিত হৈছে। তদুপৰি ২৫খন কৰ্মশালা আৰু আলোচনা-চক্রও মহোৎসৱখনত অনুষ্ঠিত হৈছে।