নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ মুঠ জনসংখ্যাৰ ৮০ শতাংশ ক’ভিডত আক্রান্ত

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে চীনত বর্তমান ক’ভিড পৰিস্থিতি নিয়ন্ত্রণাধীন৷ কিন্তু বিশেষজ্ঞসকলৰ মতে ক্রমাৎ অধিক ভয়াৱহ হৈ পৰিছে চীনত ক’ভিডৰ তাণ্ডৱ৷ দেশখনৰ এগৰাকী স্বাস্থ্য বিষয়াই সদৰী কৰা অনুসৰি ১৩ৰ পৰা ১৯ জানুৱাৰীৰ ভিতৰত ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১৩ হাজাৰ লোকে৷ বিশেষজ্ঞগৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে শূন্য ক’ভিড নীতি প্রত্যাহাৰ কৰাৰ ফলত দেশখনৰ ৮০ শতাংশ লোক ইতিমধ্যে ক’ভিডত সংক্রমিত হৈছে৷ চীনত বর্তমান ‘চান্দ্র নৱবর্ষ’ উপলক্ষে বিভিন্ন স্থানত জনসমাগম বৃদ্ধি পোৱাৰ ফলতো ক’ভিডৰ তীব্রতা বাঢ়িছে৷ অৱশ্যে বেইজিং প্রশাসনে বাৰে বাৰে ক’ভিডৰ এনে তথ্য অস্বীকাৰ কৰিছে৷

You might also like