নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেপাইগাঁৱত অ’এনজিচিৰ মাল্টি-স্পেচিয়েলিটী চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: স্থানীয় ৰাইজৰ স্বাস্থ্যৰ উন্নতিৰ বাবে গ্ৰহণ কৰা সংকল্পৰ অংশস্বৰূপে অ’এনজিচিৰ অসম সম্পদে লেপাই দীঘল দৰিয়লী যুৱ সংঘৰ সহযোগত শনিবাৰে (২১ জানুৱাৰী, ২০২৩) শিৱসাগৰ জিলাৰ লেপাই দীঘল দৰিয়লী খেলপথাৰত এক বিনামূলীয়া মাল্টি-স্পেচিয়েলিটী চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।

শিবিৰটো উদ্বোধন কৰে অ’এনজিচিৰ অসম সম্পদৰ চিকিৎসা সেৱা বিভাগৰ মুৰব্বী, জিএম ডাঃ মলয়া বাইলুং বৰদলৈয়ে। শিবিৰটোত প্ৰায় ৫৫০ গৰাকীতকৈ অধিকলোকে চিকিৎসাসেৱা গ্ৰহণকৰে। এইশিবিৰতে অ’এনজিচিৰ ফালৰপৰা ৰোগীসকলৰ মাজত এশচশমা আৰু ৪০গৰাকী জ্যেষ্ঠনাগৰিকক লাঠী প্ৰদান কৰা হয়। ইয়াৰ লগতে অ’এনজিচিৰ চিকিৎসক আৰু কৰ্মচাৰীৰ দলটোৱে ব্লাডছুগাৰ, ৰক্তচাপ পৰীক্ষা কৰি ৰোগীসকলক বিনামূলীয়া ঔষধ প্ৰদান কৰে। শিবিৰটো অ’এনজিচিৰ চিকিৎসা সেৱা বিভাগ আৰু ছাৰ্ফেচ টীমৰ উদ্যোগত অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে বিগত ৭ জানুৱাৰীত চৰাইদেউ জিলাৰ বৰবৰুৱা মৈদামত অনুষ্ঠিত চিকিৎসা শিবিৰত ৪৫০গৰাকীৰো অধিক লোকে চিকিৎসা সেৱাগ্ৰহণ কৰিছিল। উক্ত শিবিৰটোতো অ’এনজিচিৰ চিকিৎসাসেৱা বিভাগৰ দ্বাৰা জ্যেষ্ঠনাগৰিকৰ সহায়ক হোৱাকৈ ৪০ডাললাঠী, এশচশমা বিতৰণ কৰাৰ লগতে বিনামূলীয়াকৈ ছুগাৰ, ৰক্তচাপপৰীক্ষা কৰিৰোগী সকলক ঔষধ প্ৰদান কৰা হয়।

You might also like