দুষ্টচক্রৰ হাতোৰাত সংকুচিত দীপৰ বিলত ভয়াৱহ প্রদূষণ
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ মৎস্য উৎপাদনৰ উৎস হিচাপে পৰিগণিত বিল–জলাশয়সমূহ ৰাজ্য চৰকাৰৰ মীন বিভাগৰ হাতত অর্পণ কৰিব বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছতো ৰামচাৰ ছাইট হিচাপে পৰিগণিত দীপৰ বিলখনৰ উন্নয়ন সন্দর্ভত বিভাগীয় কর্তৃপক্ষই অদ্যাপি নির্বিকাৰ হৈ থকা বিষয়টোৱে প্রতিক্রিয়া সৃষ্টি কৰিছে৷ অতি পৰিতাপৰ কথা এই যে ৰাজ্যৰ আন বিল–জলাশয়ৰ সমান্তৰালকৈ ঐতিহ্যমণ্ডিত দীপৰ বিলখন থকাৰ পিছতো বিলখনক কেন্দ্র কৰি ৰাজ্য চৰকাৰে দীপৰ বিলত মীন বিপ্লৱ গঢ়ি নোতোলা বিষয়টোৱে ৰহস্য সৃষ্টি কৰিছে৷ ঐতিহ্যমণ্ডিত দীপৰ বিলখনলৈ সম্প্রতি নামি আহিছে অস্তিত্বৰ শংকা৷ ইয়াৰ প্রধান কাৰণ হিচাপে দেখা দিছে ভয়াৱহ পানী প্রদূষণ৷ মাছৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ হাতত নাই কোনো ফলপ্রসূ আঁচনি৷ ভয়াৱহ পানী প্রদূষণৰ বাবে বিলখনত থকা অতি মূল্যৱান জলজ উদ্ভিদৰ পৰিমাণো কমি গৈছে৷ মহানগৰীৰ দূষিত পানীভাগ মৰা ভৰলু আৰু বশিষ্ঠ নদীয়েদি দীপৰ বিললৈ বোৱাই নিয়াৰ ফলত দীপৰৰ পানী প্রদূষণৰ মাত্র বৃদ্ধি পাইছে৷ উল্লেখনীয় যে দীপৰ বিলৰ সমীপৰ একাংশ অসাধু লোকে বিলখনত অকর্তৃত্বশীলভাৱে মাছ মাৰি থকাৰ ফলত থলুৱা প্রজাতিৰ মাছ–কাছৰ পৰিমাণো তুলনামূলকভাৱে যথেষ্ট কমি গৈছে৷ অসাধু লোকসকলে পৈতৃক সম্পত্তি বুলি ভবা দীপৰ বিলত নিতৌ মাছ মাৰি থকাৰ ফলত দেশী–বিদেশী পৰিভ্রমী চৰাইসমূহৰ জলকেলিত গভীৰ প্রত্যাহ্বান আহি পৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে একাংশ প্রকৃতিপ্রেমী সংগঠনে৷ দেশৰ পোন্ধৰখন ৰাষ্ট্রীয় জলাশয়ৰ ভিতৰত অন্যতম ৰাষ্ট্রীয় জলাশয় হিচাপে পৰিগণিত ঐতিহ্যমণ্ডিত দীপৰ বিলখনত সম্প্রতি আৰম্ভ হৈছে ব্যাপক বেদখল৷ দুষ্টচক্রৰ হাতোৰাত বন্দী হৈ পৰিছে ঐতিহ্যমণ্ডিত দীপৰ বিলখন৷ কাৰখানাকে ধৰি আন একাংশ লোকে অকর্তৃত্বশীলভাৱে দীপৰ বিলৰ পৰিসীমা ঠেলি গৃহ নির্মাণ কৰাৰ ফলত বিলখন সংকুচিত হৈ পৰিছে৷ দীপৰ বিলৰ পার্শ্বৱর্তী কেইবাটাও দল–সংগঠনে ঐতিহ্যমণ্ডিত দীপৰ বিলখনক কেন্দ্র কৰি মীন বিপ্লৱ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে৷