নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ প্রতি বৃদ্ধি আস্থা

বিশ্বৰ সর্বশ্রেষ্ঠ গণতন্ত্র খ্যাত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ বিগত ৰাষ্ট্রপতি নির্বাচনত অভাৱনীয়ভাৱে ড’নাল্ড ট্রাম্প নির্বাচিত হোৱাৰ পাছত দেশৰ বিদ্বৎ মহলৰ লগতে প্রগতিশীল সংগঠনসমূহে আশ্চর্য প্রকাশ কৰিছিল৷ ড’নাল্ড ট্রাম্পৰ দৰে ৰাজনৈতিক ক্ষেত্রখনত অনভিজ্ঞ এগৰাকী নেতাই কেনেদৰে সর্বশ্রেষ্ঠ গণতন্ত্র আখ্যা পোৱা আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’বলৈ সক্ষম হয় তাক লৈ ৰাজনৈতিক বিশ্লেষকসকলৰ মাজতো চলিছিল ব্যাপক আলোচনা৷ বহু বিতর্কৰ মাজেৰে ড’নাল্ড ট্রাম্পে এটা কার্যকাল সম্পূর্ণ কৰিবলৈ ওলাইছে৷ আমেৰিকাৰ ইতিহাসত এগৰাকী অদক্ষ আৰু ৰাজনৈতিক জ্ঞানশূন্য নেতা হিচাপে চিহ্ণিত হৈছে ড’নাল্ড ট্রাম্প৷ তথাপি ড’নাল্ড ট্রাম্পে আমেৰিকাৰ বিশ্বজুৰি চলি থকা যি নীতি তাক তিলমানো সলনি কৰিব পৰা নাই৷ বিশ্বৰ সাম্রাজ্যবাদী তথা প্রভুত্ববাদী শক্তিসমূহৰ চৰিত্র হৈছে এনেধৰণৰ৷ শীর্ষ নেতা যিয়েই নহওক, আমেৰিকাৰ যি দৃষ্টিভংগী, দেশখনৰ যি নীতি তাক সলনি কৰাটো সম্ভৱ নহয়৷ ট্রাম্পে ক্ষমতালৈ অহাৰ পাছৰে পৰা আমেৰিকাজুৰি শীর্ষ নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগৰ পিছত অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি মুকলিকৈ ড’নাল্ড ট্রাম্পক হোৱাইট হাউছৰ শীর্ষ পদবীৰ পৰা উৎখাত কৰাৰ কুচকাৱাজো চলিছিল৷ শেহতীয়াকৈ ট্রাম্পৰ বিৰুদ্ধে বিৰোধী ডেম’ক্রেটিক পার্টীয়ে মহাভিযোগ আনিছে৷ আনকি ডেম’ক্রেটিক প্রতিনিধিৰ নিয়ন্ত্রণাধীন কংগ্রেছত এই মহাভিযোগ প্রক্রিয়াত ব্যর্থ হৈছে ড’নাল্ড ট্রাম্প৷ কিন্তু ৰিপাব্লিকান নেতৃত্বাধীন উচ্চ সদন ছিনেটত ড’নাল্ড ট্রাম্প মহাভিযোগৰ বিচাৰ প্রক্রিয়াৰ সন্মুখীন হৈছে যদিও ইয়াৰ পৰা মুক্ত হোৱাৰ পথ প্রায় নিশ্চিত৷ লক্ষণীয় বিষয়টো হৈছে আমেৰিকাৰ ইতিহাসত তৃতীয়গৰাকী শীর্ষ নেতা হিচাপে ড’নাল্ড ট্রাম্প মহাভিযোগৰ সন্মুখীন হৈছে৷ তথাপি দেশখনৰ গণতান্ত্রিক প্রক্রিয়ালৈ লক্ষ্য কৰিলে দেখা যায় যে আগন্তুক নির্বাচনত ডেম’ক্রেটিক পার্টীৰ যিয়েই প্রার্থী নহওক কিয় ট্রাম্পৰ সৈতে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷
শেহতীয়াকৈ ৰাষ্ট্রপতি নির্বাচনৰ অংশ হিচাপে আৰম্ভ হোৱা কোকাছ বা ৰাজনৈতিক দলীয় সমাৱেশত ট্রাম্পৰ প্রতিয়েই ৰিপাব্লিকানসকলে একতা প্রদর্শন কৰিবলৈ লৈছে৷ প্রথম প্রদেশ হিচাপে আমেৰিকাৰ আইওৱাত অনুষ্ঠিত হোৱা এই কোকাছত সকলো ৰিপাব্লিকান নেতা তথা কর্মীয়ে আগন্তুক নির্বাচনৰ বাবে ট্রাম্পৰ প্রতি একতা প্রদর্শন কৰিছে৷ ট্রাম্পৰ প্রতি এই একতা প্রদর্শনৰ জৰিয়তে সচেতন আমেৰিকান নাগৰিকসকলে গণতন্ত্রৰ কি মর্যাদা ৰক্ষা কৰিবলৈ ওলাইছে সেয়া সন্দেহৰ বিষয়৷ কিন্তু আমেৰিকাবাসীৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ট্রাম্পে শেহতীয়া কেইটামান কর্মৰ জৰিয়তে৷ প্রথম কথা হৈছে আমেৰিকাৰ পৰীক্ষাগাৰতেই জন্ম লাভ কৰা কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ মুৰব্বী আবু বক্কৰ–আল–বাগদাদী হত্যাৰ জৰিয়তে দেশখনৰ ৰাজনীতিত এক নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ট্রাম্পে৷ কুখ্যাত জেহাদী সংগঠনৰ নেতাগৰাকীক ট্রাম্পে হত্যা কৰিবলৈ সক্ষম হোৱাটো আমেৰিকাবাসীৰ সন্মুখত এক গর্বৰ বিষয় হিচাপে চিহ্ণিত হৈছে৷ কাৰণ ইছলামিক ষ্টেটৰ বিৰুদ্ধে আমেৰিকাই বহু ক্ষতি স্বীকাৰ কৰিবলগীয়া হৈছে৷ বহু আমেৰিকান সৈনিকে প্রাণ আহুতি দিছে এই যুদ্ধত৷ গতিকে বৈদেশিক নীতিৰ ক্ষেত্রত ট্রাম্প সফল হোৱা বুলি আমেৰিকাবাসীয়ে ধাৰণা কৰিছে বাগদাদীৰ হত্যাৰ পাছত৷ ইয়াৰ পাছতে মধ্যপ্রাচ্য সন্দর্ভত আমেৰিকাৰ নীতিক লৈ চলি থকা সন্দেহৰ ইতি মাৰিছে ট্রাম্পে৷ প্রথম কথা হৈছে ইৰানৰ সৈতে মতানৈক্য বৃদ্ধি, দ্বিতীয়তে পেলেষ্টাইনৰ স্বাধীনতাৰ প্রস্তাৱ৷ ৰাষ্ট্রসংঘৰ সৈতে মতানৈক্য থাকিলেও ট্রাম্পে মধ্যপ্রাচ্যৰ শান্তিৰ ক্ষেত্রত নতুন আঁচনি আগবঢ়াইছে৷ এই আঁচনিক পোনছাটেই নাকচ কৰিছে মধ্যপ্রাচ্যৰ বিভিন্ন দেশৰ উপৰি পেলেষ্টাইনে৷ কিন্তু আমেৰিকাবাসীয়ে ইয়াক আদৰণি জনাইছে৷ কাৰণ ইজৰাইল সন্দর্ভত আমেৰিকাৰ যি স্থিতি তাক স্পষ্ট কৰিছে ড’নাল্ড ট্রাম্পে৷ মধ্যপ্রাচ্যত ইজৰাইলক মিত্র ৰাষ্ট্র হিচাপে লৈ আগবাঢ়িব লাগে বুলি অধিক সংখ্যক আমেৰিকানে ধাৰণা কৰে৷ গতিকে ট্রাম্পে পূর্বসূৰীসকলতকৈ এখোজ আগবাঢ়ি ইজৰাইলপ্রীতিৰ নতুন নজিৰ গঢ়িছে৷ আনকি বিশ্ববাসীৰ অসন্তুষ্টি সত্ত্বেও জেৰুজালেমক ইজৰাইলৰ ৰাজধানী ৰূপে অনুমোদন জনাইছে ট্রাম্পে৷ ছিৰিয়াৰ গোলান হাইট ইজৰাইলৰ সার্বভৌমত্বৰ অধীনস্থ অঞ্চল বুলিও ট্রাম্পে ঘোষণা কৰিছে৷ গতিকে এই সকলোবোৰে ট্রাম্পৰ সপক্ষে নির্বাচনী পৰিৱেশ সৃষ্টি কৰিছে আমেৰিকাত৷

You might also like